গণ উন্মাদনা আৰু বাস্তৱৰ মাজত সাদৃশ্য নাই৷ নব্য ৰাষ্ট্ৰীয়তাৰ শক্তিৰে মতলীয়া দেশবাসী প্ৰতিশোধৰ বাবে ব্যাকুল হৈ পৰিছে৷ কিন্তু যদি গণ আৱেগৰ বাবে চৰকাৰে ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে বিপদ আৱশ্যম্ভাৱী৷
সৰ্বত্ৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ আহ্বানৰ সময়ত এই সকীয়নি দিছে ভাৰতীয় সেনাৰ অৱসৰী লেফটেনেণ্ট জেনেৰেল এইচ এছ পানাগে৷ প্ৰতিশোধকল্পে পাকিস্তানক আক্ৰমণৰ দৰে সিদ্ধান্তই সংকটৰ সূচনা কৰিব বুলি শংকা ব্যক্ত কৰি কৌশলী সাৱধানবাণী শুনাইছে প্ৰাক্তন বিষয়াজনে৷
দেশৰ নিৰাপত্তা বিশ্লেষক হিচাপে জনাজাত পানাগৰ মতে যুদ্ধৰ দৰে জটিল বিষয়ত গণ উন্মাদনা যে গুৰুত্বপূৰ্ণ নহয়৷ সেই কথাটোৱেই আঙুলিয়াই দি তেওঁ কয় যে ভাৰতৰ অস্ত্ৰভাণ্ডাৰ বৰ্তমানলৈ আধুনিকীকৰণ হোৱা নাই৷
মিছাইল, ড্ৰ’ন অথবা বায়ু আৰু নৌসেনাও সুসজ্জ্বিত নহয়৷ পিছে প্ৰতিদ্বন্দ্বী শক্তি পাকিস্তান পৰম্পৰাগত যুদ্ধত পাৰ্গত৷ তদুপৰি পাকিস্তানৰ অস্ত্ৰ ভাণ্ডাৰত আছে পৰমাণু ক্ষেপণাস্ত্ৰ৷ সেয়ে যিকোনো বিষয়তে ততাতৈয়াকৈ সিদ্ধান্ত গ্ৰহণৰ পৰিৱৰ্তে চৰকাৰে বাস্তৱ প্ৰেক্ষাপটৰ অনুধাৱন কৰিবই লাগিব৷
অৱশ্যে প্ৰত্যাঘাতৰ প্ৰয়োজনো লেফটেনেণ্ট জেনেৰেল পানাগে প্ৰকাশ কৰিছে৷ সীমাৰ ভিতৰত থাকি ভাৰতে পাকিস্তানক ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰতে প্ৰত্যাক্ৰমণ কৰা দৰকাৰ বুলি ব্যক্ত কৰিছে পানাগে৷
প্ৰাক্তন বিষয়াজনে কিন্তু ছাৰ্জিকেল ষ্ট্ৰাইকৰো বিৰোধিতা কৰিছে৷ তেওঁৰ মতে জইছ এ-মহম্মদ অথবা লস্কৰ ই-তৈবাৰ শিবিৰত আক্ৰমণৰ দৰে পদক্ষেপে যুদ্ধৰ ভয়াৱহতা সূচনা কৰিব পাৰে৷ গতিকে সীমিত যুদ্ধৰ পৰিসৰত থাকিয়েই পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক পৰামৰ্শ দিছে পানাগে৷
যুদ্ধৰ দিশত সাৱধান হ’বলৈ সেনা বিষয়াৰ সকীয়নি
