বন্দী BSF জোৱানক হস্তান্তৰ কৰা নাই পাকিস্তানে

পাকিস্তানতে বন্দী হৈ আছে BSFৰ জোৱান পূৰ্ণম কুমাৰ ছাউ৷ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চৰকাৰ সাজু হৈছে৷ কিন্তু ভুলক্ৰমে সীমান্ত অতিক্ৰম কৰা জোৱানজনক বন্দী কৰি থৈছে পাকিস্তানী ৰেঞ্জাৰ্ছে৷ স্বামীক ঘূৰাই আনিবলৈ পাকিস্তানলৈ যাত্ৰা কৰিছে পূৰ্ণমৰ পত্নী ৰজনীয়ে৷
১৭ বছৰ BSFত চাকৰি কৰা পূৰ্ণম পঞ্জাবৰ পাকিস্তান সীমান্ত নিয়োজিত হৈ আছিল৷ কিন্তু ছাৰ্ভিচ ৰাইফলসহ জিৰণি ল’বলৈ বহোতেই তেওঁ পাকিস্তানৰ সীমা ভুলক্ৰমে পাৰ হৈছিল৷ তেতিয়াই শত্ৰুদেশৰ সেনাই বন্দী কৰিছিল পূৰ্ণমক৷
এই সন্দৰ্ভত পাকিস্তানী ৰেঞ্জাৰ্ছৰ সৈতে BSFয়ে ৪ খন ফ্লেগ মিটিং অনুষ্ঠিত কৰিছে৷ তাৰ পিছতো পূৰ্ণমক হস্তান্তৰ কৰা নাই পাকিস্তানে৷ তেওঁ ক’ত আছে সেয়াও দেশখনে জনোৱা নাই৷
উত্তেজনাৰ সময়ত পূৰ্ণমৰ হস্তান্তৰৰ বিষয়ে গৃহ বিভাগৰ সৈতে কথা পাতিছে BSFৰ সঞ্চালকপ্ৰধান দলজিৎ চৌধুৰীয়ে৷ কিন্তু তেওঁ দিব পৰা নাই পূৰ্ণমৰ হস্তান্তৰৰ নিশ্চিতি৷
গতিকে পৰিস্থিতি জটিল হৈ পৰিছে৷ স্বামীক ওভতাই আনিবলৈ পাকিস্তানৰ পঞ্জাব প্ৰদেশত উপস্থিত হৈছেগৈ পূৰ্ণমৰ গৰ্ভৱতী পত্নী ৰজনী৷ তেওঁৰ সৈতে গৈছে একমাত্ৰ পুত্ৰ৷
ঘটনাটোত কিন্তু ৰজনীয়ে ৰহস্যৰ গোন্ধ পাইছে৷ ১৭ বছৰ কৰ্তব্য কৰা পূৰ্ণমক পাকিস্তানী ৰেঞ্জাৰ্ছে ধৰি নিয়া বুলিহে তেওঁ কৰিছে দাবী৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial