ক্ষমা কৰিব ৰাইজ
মোৰ কেৱল সততা আছে
তাৰ বাদে আপোনালোকক চাহ একাপো খুৱাব নোৱাৰোঁ
ডলী চক্ৰৱৰ্তীয়ে ভোট বিচাৰিছে, কিন্তু ভোট পাবলৈ যে খৰচ কৰাৰ সামৰ্থ্য নাই সেয়াও ভোটাৰক জনাই দিছে৷ নাৰ্ছিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰি ডলীয়ে নলবাৰীৰ ২২ নং বনগাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ তেওঁ হৈছে নিৰ্বাচনৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী৷
ডলীৰ পিতৃ ৰমেন চক্ৰৱৰ্তী দিন হাজিৰা কৰা শ্ৰমিক৷ কিন্তু তেওঁ কংগ্ৰেছৰ সৰ্বক্ষণৰ কৰ্মী৷ সেইসূত্ৰে ডলীয়েও কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে৷
পিছে আন প্ৰাৰ্থীৰ দৰে চমক ভৰা প্ৰচাৰ চলাবলৈ ডলীৰ হাতত নাই ধন৷ সেয়ে ঘৰে ঘৰে গৈয়েই তেওঁ ভোটভিক্ষা কৰিছে৷ খোজকাঢ়ি ৰাইজৰ মাজত সোমাই পৰিছে ডলী চক্ৰৱৰ্তী৷
সততাকে মূলধন কৰি ডলীয়ে নিৰ্বাচনত ৰাইজৰ ভোট বিচাৰিছে৷ চাহ একাপো খুৱাবলৈ তেওঁৰ হাতত যে সম্বল নাই সেই কথাটোও স্বীকাৰ কৰিছে ডলীয়ে৷
সেই বনগাঁৱতে আকৌ আছে চন্দ্ৰমোহন পাটোৱাৰীৰ সোঁহাতস্বৰূপ পৱিত্ৰ ডেকাৰ দৰে প্ৰতাপী নেতা৷ গতিকে নিৰ্বাচন ডেভিদ-গোলিয়াথৰ যুদ্ধৰ দৰে হৈ পৰিছে৷ তথাপি হাৰ মনা নাই ডলীয়ে৷ সততাকে মূলধন কৰি যুঁজি আছে ডলীয়ে৷
নলবাৰীৰ বনগাঁৱত ডেভিদ-গোলিয়াথৰ চিত্তাকৰ্ষক যুঁজ
