ডাল হ্ৰদত ছিকাৰাৰে ভ্ৰমণ কৰি থকা পৰ্যটকে একোৱেই কিনি খাব নালাগে৷ সুস্বাদু ফলৰ পৰা বিৰিয়ানিলৈ তেওঁলোকৰ হাতত বিনামূল্যে তুলি দিছে কাশ্মীৰিয়ে৷
পৰ্যটকেই কাশ্মীৰৰ আলহী
এই প্ৰবচন সাৰোগত কৰি কাশ্মীৰিয়ে বৰঘৰত সুমুৱাই খাদ্য খুৱাইছে অচিন আলহীক৷ তেওঁলোকে মাতিছে-
আমাৰ ঘৰলৈ আহক
এইদৰে অতিথিক ঘৰলৈ মাতি নিছে কাশ্মীৰিয়ে৷ অচিনাকি পৰ্যটকক ঘৰলৈ নি কাশ্মীৰি মুছলমানে খুৱাইছে ৰাজকীয় খাদ্য৷ দূৰ-দূৰণিৰ আলহীক তেওঁলোকে চিনিয়েই নাপায়৷ কিন্তু কোনো কথা নাই৷ বাটৰ পৰাই পৰ্যটকক ঘৰলৈ মাতি নি যাচিছে আহাৰ৷
এদল সন্ত্ৰাসবাদীয়ে ৰক্তাক্ত কৰা কাশ্মীৰৰ সাধাৰণ লোকে ভৰিত ধৰি ক্ষমা বিচাৰিছে পৰ্যটকক৷ তেওঁলোকে কৈছে- আমি সন্ত্ৰাসবাদী নহয়৷
চিনাকি আলহীৰ দৰে কাশ্মীৰিয়ে পৰ্যটকসকলক শুশ্ৰুষা কৰিছে৷ বহুতে ঘৰতে থাকিবলৈ দিছে ভীতিগ্ৰস্ত পৰ্যটকক৷ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব বুলি শংকাবোধ কৰা পৰ্যটকক ঘৰতে আহাৰ পৰিৱেশন কৰিছে৷
কাশ্মীৰিয়তে আপ্লুত কৰা পৰ্যটকে ভূস্বৰ্গত কটাইছে ভয়বিহীন জীৱন৷ তেওঁলোকক ভয় অনুভৱ কৰিবলৈয়েই দিয়া নাই কাশ্মীৰিয়ে৷ অচিনাকী আতিথিক আত্মীয়ৰ দৰে আতিথ্য আগবঢ়াই হৃদয় জয় কৰিছে কাশ্মীৰৰ জনতাই৷
আনকি ঠায়ে ঠায়ে স্থানীয় নাগৰিকে সুৰক্ষাও প্ৰদান কৰিছে কাশ্মীৰিয়ে৷ বিশেষ দল গঠন কৰি তেওঁলোকে অতিথিক নিৰাপত্তা দিছে৷ য’লৈকে পৰ্যটক গৈছে তাতেই স্থানীয় লোকে গঢ়ি তুলিছে নিৰাপত্তা বেষ্টনী৷
আলহীক ক্ষমা খুজি কাশ্মীৰিয়ে যাচিছে বিৰিয়ানী
