আদনান ছামীকো নিদিয়ে থাকিবলৈ

আদনান ছামী যাবগৈ নালাগে, কিন্তু সীমা হায়দৰ যাবই লাগিব৷ ভাৰত এৰি পাকিস্তানলৈ গুচি যাব লাগিব সীমা৷ ভাৰতলৈ আহি হিন্দুধৰ্ম গ্ৰহণ কৰিলেও চৰকাৰী নথিত সীমা পাকিস্তানীয়েই হৈ আছে৷ সেয়ে ভাৰতীয় স্বামীক পৰিত্যাগ কৰি পূৰ্বৰ ঘৰখনলৈ সীমাক উভতি যোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ সেয়ে কান্দিয়েই আছে সীমা হায়দৰে৷
PUBG খেলত চিনাকি হোৱা শচীন মীনাৰ বাবে পাকিস্তানী স্বামী আৰু সংসাৰ ত্যাগ কৰি ভাৰতলৈ অহা সীমা বৰ্তমান হিন্দুধৰ্মী৷ উত্তৰ প্ৰদেশ নিৱাসী সীমাই অলপতে শচীনৰ ঔৰসত সন্তানো জন্ম দিছে৷ মহাকুম্ভতো অংশগ্ৰহণ কৰিছে সীমাই৷
কিন্তু এইপৰ্যন্ত তেওঁ পোৱা নাই ভাৰতীয় নাগৰিকত্ব৷ সেয়ে সম্প্ৰতি সংকটৰ সূচনা হৈছে৷ যিহেতু পহলগামৰ নৰমেধৰ পিছত ভাৰত চৰকাৰে সকলো পাকিস্তানীকে প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ দিছে, সেয়ে সীমাকো ওভতাই পঠিয়াবলৈ ওলাইছে স্থানীয় পুলিচ৷
সীমাৰ ঘৰৰ বাহিৰত ৰৈ আছে আৰক্ষীৰ বিশাল কনভয়৷ স্থানীয় প্ৰশাসনে সীমা হায়দৰক নি ৱাঘা-আট্টাৰী সীমান্তত থৈ আহিবলৈ আৰক্ষীক নিৰ্দেশ দিছে৷ মহিলা আৰক্ষীয়ে ঘৰৰ বাহিৰ উলিয়াবলৈয়ো চেষ্টা কৰিছে সীমাক৷ কিন্তু ভাৰতীয় স্বামী শচীন মীনাক এৰি পাকিস্তানলৈ নাযায় বুলি শপত লৈছে প্ৰাক্তন মুছলমান সীমাই৷
জন্মদেশ পাকিস্তানক ঘৃণা কৰা সীমাৰ হৈ আদালততো আবেদন দাখিল কৰা হৈছে৷ অধিবক্তাই প্ৰকাশ কৰা মতে ভাৰতীয় নাগৰিকত্ব নাপালেও সীমাই দেশৰ সংস্কৃতি গ্ৰহণ কৰিছে৷ তদুপৰি কিছুদিনৰ পিছতে সীমাই নাগৰিকত্ব লাভ কৰিব বুলি প্ৰকাশ কৰিছে অধিবক্তাই৷
হিন্দুধৰ্ম গ্ৰহণ কৰা সীমা হায়দৰৰ শচীন মীনাৰ সৈতে আছে সুখৰ সংসাৰ৷ গতিকে এৰি থৈ অহা পাকিস্তানী স্বামীৰ কাষলৈ উভতি নাযায় বুলি ঘোষণা কৰিছে সীমাই৷ আনহাতে ইতিমধ্যে ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবে গায়ক আদনান ছামীয়েও দেশত্যাগ কৰিব নালাগে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial