আচম্বিতে বানত উটি গ’ল পাকিস্তান

হঠাতে উটি গ’ল পাকিস্তান৷ বৰষুণ হোৱা নাই, তথাপি বানে উটুৱাই নিলে পাকিস্তান৷ আচম্বিতে হোৱা প্ৰলয়ৰ ফলত অসংখ্য পাকিস্তানীয়ে হেৰুৱাইছে ঘৰ৷ কিন্তু কিয় এই পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া হৈ পৰিছে ৰহস্য৷
পাকিস্তানৰ আকস্মিক প্ৰলয়ৰ কাৰণ যে ভাৰতৰ চতুৰ পদক্ষেপ সেয়া অৱশ্যে নিশ্চিত হৈ পৰিছে৷ বৰ্তমান সিন্ধু জল চুক্তি বাতিল কৰাৰ পিছত ভাৰতে হঠাতে মুকলি কৰি দিছে ঝিলাম নৈৰ পানী৷
পূৰ্বে ঝিলামৰ পানী এৰি দিলে ভাৰতে আগতীয়াকৈ পাকিস্তানক খবৰ দিছিল৷ বান্ধৰ পানী এৰি দিয়াৰ আগতে সাজু হ’বলৈ সময় পাইছিল পাকিস্তানে৷ কিন্তু এইবাৰ আগতীয়াকৈ ঝিলামৰ বান্ধ খুলি দিয়াৰ বিষয়ে খবৰ নিদিলে ভাৰতীয় কৰ্তৃপক্ষই৷
সেয়ে হঠাতে পাকিস্তান উটি গ’ল৷ দেশখনৰ লক্ষাধিক জনতাই আত্মৰক্ষা কৰিবলৈ কোনো সুযোগেই লাভ নকৰিলে৷ পূৰ্বে ভাৰতৰ খবৰৰ ভিত্তিত দেশখনৰ চৰকাৰে নাগৰিকসকলক ঘৰৰ পৰা স্থানান্তৰ কৰিছিল৷ এইবাৰ তেওঁলোকে সেই সুযোগো লাভ নকৰিলে৷
পহলগামৰ নৰমেধৰ প্ৰতিশোধকল্পে ভাৰতে আচম্বিতে ঝিলাম নৈৰ ভেটা খুলি দিয়াৰ ফলত সৰ্বস্বান্ত হ’ল পাকিস্তানৰ জনতা৷ পূৰ্বে কাহানিও নকৰা ধৰণেৰে এইবাৰ ভাৰতে ল’লে মধুৰ প্ৰতিশোধ৷ ফলত আত্মৰক্ষা কৰিবলৈ সুবিধা নাপালে কোনেও৷
চৰকাৰে বৰ্তমান এই ঘটনাৰ বিষয়ে কোনো খবৰ প্ৰকাশ কৰা নাই৷ কিন্তু সিন্ধু জল চুক্তি বাতিলৰ পিছত বান্ধ মুকলি কৰি দিয়াৰ পূৰ্বে খবৰ দিয়াৰ বাবে ভাৰতৰ নাই দায়িত্ব৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial