ষ্টিং অপাৰেশ্যনৰ পিছত কি হ’ল চাওক

ধাবা নহয়, বেশ্যালয়হে
খাদ্যৰ সলনি যোগান ধৰে যুৱতী
অনুমতিবিহীন বেশ্যালয়লৈ পৰ্যৱসিত হৈছে অসমৰ কেবাটাও বাইপাছ৷ ফ’ৰলেনৰ দাঁতিৰ ধাবাত চলিছে শৰীৰৰ বেহা৷ ধনৰ বিনিময়ত পুৰুষ-মহিলাক ৰূম দিছে হোটেলৰ মালিকে৷
নগাঁৱৰ এখন ধাবাত শেহতীয়াকৈ কামলীলাৰ সময়তে ধৰা পৰিছিল এহাল পুৰুষ-মহিলা৷ সেই ঘটনাৰ পিছতে হোটেলখনৰ কাণ্ড ফাদিল হৈ পৰিল৷
ধাবাখনত প্ৰতিঘণ্টা হিচাপত ৰূম ভাৰা দিয়া হৈছে৷ ৰাইজে কৰা অভিযোগ অনুসৰি ধাবাখনৰ মালিকৰ সৈতে সম্পৰ্ক আছে স্থানীয় যুৱতীৰ৷ এইসকল যুৱতীয়ে কামাতুৰ পুৰুষক সন্তুষ্ট কৰিবলৈ ধাবাখনত উপস্থিত হয়৷
তেওঁলোক বৰ্তমান পেছাদাৰী বেশ্যালৈ পৰ্যৱসিত হৈছে৷ ধাবাৰ মালিকে ফোন কৰিলেই ট্ৰাক ড্ৰাইভাৰৰ সৈতে সংগম কৰিবলৈ নিৰ্দিষ্ট স্থানত উপস্থিত হয় যুৱতীসকল৷ বিশেষকৈ হিন্দীভাষী গ্ৰাহকৰ সৈতে কামলীলা কৰিবলৈ অধিক পছন্দ কৰে স্থানীয় যুৱতীয়ে৷
একেদৰে বহুতে আকৌ সংগীৰ সৈতে শৰীৰ খেল খেলিবলৈ ধাবাৰ ৰূম ভাৰা কৰে৷ নিৰাপদে কামলীলা কৰিবলৈ দিয়াৰ বাবে ঘণ্টাতে ২ হেজাৰপৰ্যন্ত ভাৰা আদায় লয় ধাবাৰ মালিকে৷
এই বিষয়ে আমি লাভ কৰিছোঁ বিস্তাৰিত তথ্য৷ ধাবাৰ মালিকে দম্পত্তি দেখিলেই অধিক ভাৰা আদায় কৰে৷ পৰিচয় পত্ৰ পৰীক্ষাৰ চৰকাৰী নিয়মো ধাবাত মানি চলা নহয়৷ গতিকে অসমৰ বাইপাছত থকা ধাবাৰ পৰা তৈয়াৰ হ’ব পাৰে ভয়ংকৰ ঘটনাৰ ব্লুপ্ৰিণ্ট৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial