চুন্নত কৰাইছিল নেকি হিন্দু প্ৰফেছৰে

মিছা কথা কৈছে দেৱাশিস ভট্টাচাৰ্যই
কলিমা গোৱা বুলি গোকাট ফাঁকি কথা কৈছে প্ৰফেছৰ ভট্টাচাৰ্যই
লা ইলাহা ইল্লাল্লাহ বুলি গাইহে পহলগামৰ নৰঘাতকৰ পৰা ৰক্ষা পোৱা বুলি দাবী তুলিছে অসমৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্যই৷ পহলগামৰ বৈছাৰনত প্ৰাণৰক্ষা পৰা প্ৰফেছৰৰ এই দাবী কিন্তু বৰ্তমান সন্দেহৰ আৱৰ্তত৷
কাৰণ তেওঁ মুছলমান বুলি সন্ত্ৰাসবাদী পতিয়ন যাব পৰাকৈ নাছিল প্ৰমাণ৷ ফোট-সেন্দূৰ লৈ ভট্টাচাৰ্যৰ পত্নী তেওঁৰ কাষতে আছিল৷ গতিকে সন্ত্ৰাসবাদীয়ে ভট্টাচাৰ্যক মুছলমান বুলি বিশ্বাস কৰাটো অসম্ভৱ৷
তাৰ মাজতে পহলগামৰ ৰক্তস্নানৰ সৈতে দেৱাশিস ভট্টাচাৰ্যও জড়িত বুলি সন্দেহ কৰিছে বিনয় দাস নামৰ অধিবক্তাজনে৷ ভট্টাচাৰ্যকো তদন্তৰ আওতালৈ অনাৰ বাবে দাবী কৰিছে বিনয় দাসে৷
অধিবক্তাজনৰ অভিযোগ অনুসৰি পূৰ্বে কৰিমগঞ্জ কলেজৰ অধ্যাপক দেৱাশিস ভট্টাচাৰ্য ভাৰত বিৰোধী৷ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকজন এতিয়াও দেশবিৰোধী কাৰ্যাৱলীত জড়িত বুলি অভিযোগ তুলিছে দাসে৷
সেয়ে প্ৰফেছৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ বিনয় দাসে আহ্বান জনাইছে৷ নিজা ফে’চবুক পোষ্টত অধিবক্তাজনে নিয়াকো টেগ কৰিছে৷ একেদৰে অসমৰ মুখ্যমন্ত্ৰীকো দেৱাশিস ভট্টাচাৰ্যৰ বিৰুদ্ধে তদন্ত কৰিবলৈ জনাইছে আহ্বান৷
অধিবক্তাজনৰ মতে দেৱাশিস ভট্টাচাৰ্য হৈছে মিছলীয়া৷ আনহাতে কেবাজনো লোকেও ভট্টাচাৰ্যই মিছা কথা কোৱা বুলি দাবী কৰিছে৷ অধ্যাপকজনে ছুন্নত কৰোৱাৰ বাবেহে ৰক্ষা পৰিল বুলি তেওঁলোকে অভিযোগ তুলিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial