পৰ্যটকৰ একোৱেই হ’বলৈ নিদিয়াৰ সংকল্প স্থানীয় মুছলমানৰ

দস্যু সন্ত্ৰাসবাদীয়ে পৰ্যটকক হত্যা কৰিছে৷ কিন্তু ভূস্বৰ্গত অতিথিক নিৰ্ভয়ে থাকিবলৈ সুবিধা কৰি দিছে সাধাৰণ কাশ্মীৰিয়ে৷ পহলগামৰ নৰমেধৰ পিছতো পৰ্যটকে কাশ্মীৰত অসুবিধা পোৱা নাই৷ তেওঁলোকক যথাসাধ্যে সেৱা কৰিছে কাশ্মীৰি জনতাই৷ সেয়ে চৌদিশে উত্তেজনাৰ সময়তো কাশ্মীৰৰ পৰা ততালিকে প্ৰস্থানৰ প্ৰয়োজন অনুভৱ কৰা নাই পৰ্যটকে৷
পহলগামৰ সন্ত্ৰাসবাদী কাণ্ডক অপশক্তিয়ে হিন্দু-মুছলমানৰ সংঘাত হিচাপে উপস্থাপন কৰিছে৷ তাৰ মাজতে কাশ্মীৰি মুছলমানৰ মহানুভৱতাই অভিভূত কৰি তুলিছে হিন্দু পৰ্যটকক৷ প্ৰচাৰ কৰাৰ দৰে কাশ্মীৰত উত্তেজনা সৃষ্টি হোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে৷
বৰ্তমান পহলগামতে থকা অসমৰ এগৰাকী মহিলাই আমাক জনোৱা মতে তেওঁ ভীতিগ্ৰস্ত অনুভৱ কৰা নাই৷ সাধাৰণ কাশ্মীৰিয়ে পহৰা দিছে তেওঁলোক থকা হোমষ্টে’৷ মহাৰাষ্ট্ৰৰ এগৰাকী মহিলায়ো অনুৰূপ মন্তব্য কৰিছে৷
কুলগামত থকা মহিলাগৰাকীয়ে স্থানীয় লোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ তেওঁ সদৰী কৰা অনুসৰি পহলগামৰ ঘটনাৰ পিছতো আন প্ৰান্তত সামান্য উত্তেজনাও নাই৷ ঠায়ে ঠায়ে মোবাইল ইণ্টাৰনেট কাটি দিয়াৰ ফলত কিছু সমস্যা হৈছে৷ তাৰ বাদে পৰ্যটকে আন সমস্যা অনুভৱ কৰা নাই৷
এগৰাকী মহিলাই প্ৰকাশ কৰা মতে তেওঁক কাশ্মীৰৰ মুছলমানে সুৰক্ষা প্ৰদান কৰিছে৷ ঘৰৰ সৈতে যোগাযোগ কৰিবলৈ স্থানীয় ছিমকাৰ্ডো যোগান ধৰিছে কাশ্মীৰিয়ে৷ হিন্দু-মুছলমানৰ নামত কাশ্মীৰত বিভাজন সৃষ্টি হোৱা নাই বুলি মহিলাগৰাকীয়ে দাবী কৰিছে৷
কাশ্মীৰৰ পৰিস্থিতিক লৈ দেশজুৰি উত্তেজনাৰ সময়ত শান্ত হৈ আছে প্ৰান্তীয় প্ৰদেশখন৷ বৰ্তমানো কাশ্মীৰত নিৰ্ভয়ে বিচৰণ কৰিছে দেশ-বিদেশৰ পৰ্যটকে৷ তেওঁলোকৰ কাষত আছে স্থানীয় মুছলমান৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial