কি ক’লে প্ৰধানমন্ত্ৰীয়ে

যুদ্ধৰ নিমিত্তে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন কামনা কৰিছে ভাৰত চৰকাৰে৷ সেয়ে আজি নতুন দিল্লীস্থিত ৰাষ্ট্ৰদূতসকলক তলব কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ব্ৰিটেইন, ইটালি, ফ্ৰান্স, জাৰ্মানীকে ধৰি সকলো দেশৰে ৰাষ্ট্ৰদূতক পৰিস্থিতিৰ বিষয়ে জনোৱা হৈছে৷
যিকোনো সময়তে যে যুদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে সেই বিষয়ে আগতীয়াকৈ জনাই দিছে বিদেশ দপ্তৰে৷ আনহাতে পাকিস্তানত থকা সকলো ভাৰতীয়কে তাৎক্ষণিকভাৱে ভাৰতলৈ ঘূৰি অহাৰ নিৰ্দেশ দিয়ে হৈছে৷ চিকিৎসাজনিত কাৰণত ভাৰতত থকা পাকিস্তানকো
উভতি যোৱাৰ বাবে বান্ধি দিয়া হৈছে সময়৷ তেওঁলোকক ৭২ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে৷ কিন্তু প্ৰসংগটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইছলামাবাদে৷
তথাপি কঠোৰতা অৱলম্বনৰ পৰা বিৰত থকা নাই কেন্দ্ৰীয় চৰকাৰ৷ আনহাতে তাৎক্ষণিকভাৱে সীমান্তত সক্ৰিয়তা বৃদ্ধি কৰিছে ভাৰতে৷ বৰ্তমান কেৱল বাংকাৰৰ পৰাই পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ সকলো সৈন্যকে নিৰ্দেশ দিয়া হৈছে৷ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ যে আৱশ্যম্ভাৱী তাৰে ইংগিত দি কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰে সৈনিকসকলক বাংকাৰ ত্যাগ নকৰিবলৈ নিৰ্দেশ দিছে৷
একেসময়তে আকৌ এজন বি এছ এফ জোৱানক বন্দী কৰিছে পাকিস্তানে৷ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰমৰ অভিযোগত পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানী ৰেঞ্জাৰ্ছে পি কে সিং নামৰ জোৱানজনক বন্দী কৰিছে৷ ১৮২ নং বেটেলিয়নৰ জোৱানজন সীমান্তত নিয়োজিত হৈ আছিল৷
তেওঁ দুৰ্ঘটনাবশত: পাৰ হৈছিল সীমান্ত৷ তেতিয়াই জোৱানজনক বন্দী কৰিলে পাকিস্তানী ৰেঞ্জাৰ্ছে৷ তেওঁ এতিয়াও হৈ আছে বন্দী৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial