দাৰুল উলুম দেওবন্দৰ মাদ্ৰাছাত শিক্ষাৰ্থীৰ দোৱা

পহগামৰ নৰমেধত সাম্প্ৰদায়িকতাৰ ৰং সানিবলৈ অপচেষ্টা চলাইছে নাৰকীয় শক্তিয়ে৷ কিন্তু তাৰ মাজতে দেশৰ চিৰকালীন সম্প্ৰীতি বাহাল ৰাখিবলৈয়ো ৰাষ্ট্ৰবাদী শক্তিয়ে চলাইছে চেষ্টা৷ সন্ত্ৰাসবাদীৰ ৰক্তস্নানৰ ধ্বংসাত্মক চেষ্টা বিফল কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে দাৰুল উলুম দেওবন্দে৷
পহলগামৰ নৰঘাতকক ধিক্কাৰ দি প্ৰতিখন মাদ্ৰাছাতে অনুষ্ঠিত কৰা হৈছে প্ৰাৰ্থনা সভা৷ নৰৰক্ত পান কৰা জেহাদীৰ যে কোনো ধৰ্ম নাই, সেয়াই প্ৰতিপন্ন কৰিছে মুছলমান শিক্ষাৰ্থীৰ প্ৰাৰ্থনাই৷ অপশক্তিয়ে পহলগামৰ ঘটনাৰ সুযোগ লৈ দেশ বিভাজনৰে চেষ্টা চলাইছে৷ কিন্তু এই অপচেষ্টা ৰোধৰ বাবে দেওবন্দে কৰিছে আপ্ৰাণ চেষ্টা৷
উত্তৰ প্ৰদেশৰ সকলো মাদ্ৰাছাতে আজি পহলগামৰ নৰঘাতকক শাস্তিৰ বাবে অনুষ্ঠিত কৰা হৈছে সভা৷ দাৰুল উলুম ফিৰংগী মহলৰ শিক্ষাৰ্থীসকলে কুৰআন পাঠৰ পূৰ্বে মানৱতাৰ হত্যাকাৰী জেহাদীৰ শাস্তি দাবী কৰি আল্লাহৰ ওচৰত কৰিছে ইবাদত৷
একেদৰে লক্ষ্ণৌৰ শ্বাহীন একাডেমীৰ শিক্ষাৰ্থীয়েও পহলগামৰ নৰঘাতকৰ শাস্তি দাবী কৰিছে৷ তেওঁলোকে এতিয়াই বিচাৰি উলিয়াই ঘাতকক হত্যা কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে৷ অৱশ্যে কেৱল দুখন মাদ্ৰাছাতে নহয়, দাৰুল উলুম দেওবন্দৰ দ্বাৰা পৰিচালিত সকলো মাদ্ৰাছাৰে শিক্ষাৰ্থী ক্ষোভত ফাটি পৰিছে৷
তেওঁলোকে এই ঘটনাৰ আলম লৈ কোনো অপশক্তিয়ে যাতে সমাজ বিভাজিত কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হোৱাৰ আহ্বান জনাইছে চৰকাৰক৷ ইছলামে কাহানিও সন্ত্ৰাসবাদ সমৰ্থন নকৰে বুলি তেওঁলোকে অভিহিত কৰিছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial