ক’ত আছে জীৱনতাৰা ঘাটোৱাৰ!

লালুপ্ৰসাদে ৰাবৰী দেৱীক পতাৰ দৰেই অসমতো এজন নেতাই বিধায়িকা পাতিছিল পত্নীক৷ পাকঘৰৰ পৰা নি বিধানসভাত সুমুৱাই দিছিল পত্নীক৷
সেইজন কোন?
এতিয়া শুনক
বহুদিনেই হ’ল, মাতবোল নাই পৱনসিং ঘাটোৱাৰৰ৷ মাজে মাজে কংগ্ৰেছ এৰি তেওঁ বিজেপিলৈ যাব বুলি ওলায় খবৰ৷ সেই খবৰো যে মিছা নহয় ভিতৰুৱা সূত্ৰয়েই প্ৰমাণিত কৰে৷
কিন্তু কংগ্ৰেছৰ স্বৰ্ণযুগত কি কি কৰা যে নাছিল ঘাটোৱাৰে…
নিজে সাংসদ হৈ থকা সময়ত ৰাজ্যৰ ৰাজনীতিত ক্ষমতা বাহাল ৰাখিবলৈ পত্নী জীৱনতাৰা ঘাটোৱাৰক পাতি দিছিল মৰাণৰ বিধায়িকা৷ তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত পৱনসিং ঘাটোৱাৰ আছিল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী৷ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে পৰাজিত হৈছিল ঘাটোৱাৰ৷
তেতিয়া ঘাটোৱাৰৰ নাম মুখ্যমন্ত্ৰী হিচাপেও উচ্চাৰিত হৈছিল৷ ভুবনেশ্বৰ কলিতাৰ সৈতে মিলি ঘাটোৱাৰে তৰুণ গগৈক অপসাৰণ কৰিবলৈ লবী কৰা বুলিও ওলাইছিল বাতৰি৷
অসমৰ ৰাজনীতিত খোপনি পুতিবলৈ ২০০৬ চনত তেওঁ মৰাণ সমষ্টিৰ টিকট দিয়াইছিল পত্নী জীৱনতাৰাক৷ ৰাজনীতিৰ আওভাও বুজি নোপোৱাকৈয়েই জীৱনতাৰা সেইবাৰ নিৰ্বাচনত সৰকি গৈছিল৷ তেতিয়া মৰাণ আছিল কংগ্ৰেছৰ ঘাটী৷
সেয়ে সহজে বিজয়ী হৈছিল জীৱনতাৰা৷ পত্নীৰ জৰিয়তে মৰাণ শাসন কৰিছিল পৱনসিং ঘাটোৱাৰে৷ অখণ্ড প্ৰতাপী নেতাজন ২০০৯ চনৰ নিৰ্বাচনত পুনৰ ডিব্ৰুগড়ৰ পৰা সাংসদ হৈছিল৷
গতিকে ২০১১ চনৰ বিধানসভা নিৰ্বাচনতো তেওঁ মৰাণৰ পৰা উঠাইছিল পত্নী জীৱনতাৰাক৷ সেইবাৰ মৰাণত জীৱনতাৰাক টিকট দিবলৈ তৰুণ গগৈৰ ইচ্ছা নাছিল৷ কিন্তু শেষত দলীয় যুঁজত বিজয়ী হৈছিল পৱনসিং ঘাটোৱাৰ৷
সেইবাৰো জিকিছিল জীৱনতাৰা৷ পিছলৈ সংসদীয় সচিবো হৈছিল জীৱনতাৰা৷ কিন্তু ১০ বছৰ MLA হোৱাৰ পিছতো ৰাজ্যৰ ৰাজনীতিত খবৰ নোহোৱা হ’ল জীৱনতাৰা ঘাটোৱাৰৰ৷ লালুপ্ৰসাদে পত্নীক পাকঘৰৰ পৰা নি ডাইৰেক্ট মুখ্যমন্ত্ৰী পাতি দিয়াৰ দৰে পৱনসিং ঘাটোৱাৰেও পত্নী জীৱনতাৰাক পাতিছিল বিধায়িকা৷
কিন্তু দল ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছতে মুখৰ মাতেই নোহোৱা হ’ল পৱনসিং ঘাটোৱাৰৰ৷ জীৱনতাৰা হেৰায়েই গ’ল৷ এয়াই কংগ্ৰেছীৰ আছল চৰিত্ৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial