CAPTION- অকলে থাকে কেৱল কান্দিবলৈ মন যায়…
এয়া বেকষ্টেজৰ দৃশ্য
সংগীতৰ দেৱীক স্মৰণ কৰি কমলিকা কাশ্যপ মঞ্চত উঠিছে
কিন্তু এয়া জানোঁ কমলিকা! কন্যাৰ ৰূপত দেখোন সাক্ষাৎ ভিটালী দাসেই!
১৯৯৭ চনৰ পৰা অসমৰ সংগীত জগতত প্ৰায় ৰাজত্ব কৰিছিল ভিটালী দাস নামৰ যুৱতীগৰাকীয়ে৷
কাল কৰোনাৰ সময়তে সেই ভিটালী আচম্বিতে হেৰাই গৈছিল৷ ভিটালী নামৰ সেই অৱয়ব নোহোৱা হৈ গ’ল৷ পিছে থাকি গ’ল সুৰ৷ ভিটালীৰ উচ্ছাসপূৰ্ণ সুৰৰ নিজৰাই পৰিপূৰ্ণ কৰি পেলালে কমলিকাৰ কণ্ঠ৷
অদৃষ্টৰ নিষ্ঠুৰতাই নিয়তি বুলি মানি লোৱা কমলিকাক হাত পাতি ধৰিছে সুৰৰ দেৱীয়ে৷ বিহুৰ বতৰত প্ৰতিখন জিলাতে কমলিকাই হিয়া ঢালি গাইছে মাকৰ গানবোৰ৷ কন্যাৰ সৌজন্যত আকৌ জী উঠিছে ভিটালী৷
ঘাট মাউৰা কমলিকাৰ কোনোৱেই নাই৷ কিন্তু তেওঁৰ কাষত আছে সমগ্ৰ অসম৷ কোমল বয়সতে কমলিকাই অসমজুৰি কৰিছে সাংগীতিক যাত্ৰা৷ বেকষ্টেজত সৰস্বতী বন্দনা কৰি প্ৰতিখন মঞ্চতে দৰ্শকক বিমুগ্ধ কৰি তুলিছে কমলিকাই৷
মাকৰ দৰেই সুৰ আৰু কথাৰে ৰাংঢালী কমলিকাই আপ্লুত কৰিছে দৰ্শকক৷ কেতিয়াবা যদি কথা কৈছে, কেতিয়াবা অন্তৰ খুলি হাঁহিছে৷
বাদ্যযন্ত্ৰীসকলে কন্যাৰ দৰেই আপদাল কৰিছে কমলিকাক৷ হেৰাই যোৱা মাকক কঢ়িয়াই অসমজুৰি সুৰৰ নিজৰা বোৱাইছে কমলিকাই৷
অকলে থাকে কেৱল কান্দিবলৈ মন যায়…
