৫ হেজাৰ টকা কমিব মোবাইলৰ দাম

ৰেফ্ৰিজাৰেটৰ অথবা আন বৈদ্যুতিক সৰঞ্জাম ক্ৰয়ৰ বাবে খৰখেদা নকৰিব৷ কিয়নো ভাৰতীয় বজাৰত কিছুদিনৰ পিছতে উভৈনদী হৈ পৰিব সকলো তৰহৰ সজুলি৷
ৰেফ্ৰিজাৰেটৰৰ পৰা মোবাইললৈ সকলোবোৰেই অকল্পনীয়ভাৱে কম দাম কিনিবলৈ পাব ক্ৰেতাই৷ এয়া কোনো অনুমান অৱশ্যেই নহয়৷ আমেৰিকা আৰু চীনৰ শুল্কযুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বজাৰত বৈদ্যুতিক সামগ্ৰীৰ দৰ হ্ৰাস পোৱাটো অৱধাৰিত৷
ইতিমধ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনা সামগ্ৰীত ২৪৫ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে৷ গতিকে আমেৰিকাত চীনৰ ব্যৱসায় অৰ্থনৈতিকভাৱে লাভজনক হৈ থকা নাই৷ দুয়োখন ৰাষ্ট্ৰই পৰস্পৰক বাণিজ্যিকভাৱে বৰ্জন কৰিছে৷ সেয়ে চীনা পণ্য হোৰাহোৰে ভাৰতলৈ আহিছে৷
মোবাইল ফোন, ৰেফ্ৰিজাৰেটৰ, টিভি আদিৰ আমদানি কেবাশ গুণ হঠাতে বৃদ্ধি হৈছে৷ এই পৰিস্থিতি অৱশ্যে ভাৰতীয় অৰ্থনীতিৰ বাবে লাভজনক নহয়৷ কিন্তু সাধাৰণ দৃষ্টিত আৰু কিছুদিনৰ পিছত লাভান্বিত হ’ব দেশৰ সাধাৰণ উপভোক্তা৷
কিয়নো বৰ্ধিত আমদানিৰ পৰিপ্ৰেক্ষিতত সকলোধৰণৰ গেজেটৰে দৰ হ্ৰাস পোৱাটো অনিবাৰ্য হৈ পৰিছে৷ আনকি ৰেফ্ৰিজাৰেটৰেই বৰ্তমানৰ তুলনাত তিনিগুণ কম দামত উপলব্ধ হ’ব পাৰে৷
একেদৰে ছাওমীৰ দৰে চীনা ব্ৰেণ্ডৰো সামগ্ৰীয়ে আমেৰিকাৰ বজাৰ হেৰুৱাইছে৷ কানাডায়ো চীনৰ সৈতে ঘনিষ্ঠতা হ্ৰাস কৰিছে৷ সেয়ে সকলো বৈদ্যুতিক প্ৰতিষ্ঠানে ভাৰতৰ বিশাল বজাৰখনৰ প্ৰতি ৰাখিছে চকু৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial