নিশা ট্ৰাকত তিৰপাল দেখিলেই জানিব আৰু…

নিশা দ্ৰুতবেগী ট্ৰাকৰ পিছফালে তিৰপাল দেখিলেই বুজিব
ওপৰত আছে গৰু
অসমৰ ভিন্নপ্ৰান্তৰ পৰা চুৰি কৰি অথবা কিনি নিয়া গৰু ৰাতি ট্ৰাকত উঠাই তিৰপালেৰে ঢাকি মেঘালয়লৈ নিয়া হৈছে৷ তাৰ পৰা গৰুবোৰ চালান দিয়া হৈছে বাংলাদেশলৈ৷
গৰু ছিণ্ডিকেটটো আকৌ সৰ্বধৰ্মীয়৷ অবৈধ ব্যৱসায়ত হিন্দু-মুছলমান সকলো জড়িত হৈ আছে৷ শ্ৰীৰামপুৰৰ ছিৰাজুল, ছফিকুল আদিয়ে ট্ৰাকত গৰু তুলিছে৷ তাজুদ্দিন, মীৰ আৰু আমিনুলে ট্ৰাক অসমৰ পথেৰে পাৰ কৰাইছে৷
সদায়েই সৰবৰাহ হৈ থকা গৰু ব্যৱসায়ৰ আন এক মাষ্টাৰমাইণ্ড হৈছে কালু৷ বৰপেটাৰ মীৰ নামৰ লোকজনেও অন্ধকাৰত থাকি গৰু বেপাৰ চলাই আছে৷
কেবাজনীয়া ছিণ্ডিকেট চক্ৰই শ্ৰীৰামপুৰৰ পৰা চমু পথেৰে পঠিয়াইছে গৰুভৰ্তি ট্ৰাক৷ বছৰৰ সকলো সময়তে চলি থকা বেপাৰ বৰ্তমান তুংগত উঠিছে৷ আৰক্ষীৰ এনকাউণ্টাৰেও প্ৰতিৰোধ কৰিব পৰা নাই গৰুৰ অবৈধ বেপাৰ৷
শেহতীয়াকৈ খানাপাৰাত তিৰপালেৰে ঢাকি নিয়া এগাড়ী গৰু ধৰিছিল জাতীয় সংগঠন আৰু ৰাইজে৷ কিন্তু তথাপি এই সৰবৰাহ বন্ধ নহ’ল৷ এতিয়াও নিশা সদায় মেঘালয়লৈ নি থকা হৈছে অবৈধ গো-ধন৷
সদায় কমেও ২০ লাখ টকাৰ গৰু এখন ট্ৰাকতে চালান দিয়া হৈছে৷ দৈনিক অবৈধ গৰু বেপাৰৰ পৰিমাণ প্ৰায় ডেৰ কোটি টকা৷
তেওঁলোকৰ গৰু বেপাৰ বন্ধ কৰিবলৈ আৰক্ষীৰো সাহস নাই৷ ট্ৰাকত তুলি বাংলাদেশলৈ নিয়া গৰু আকৌ অসমৰ ভিন্নপ্ৰান্তৰ পৰা সৰবৰাহ কৰা হৈছে৷ চোৰৰ পৰাও মাফিয়াই কিনিছে গৰু৷
বাংলাদেশী মুছলমানে খাবলৈ অসমৰ গৰু পঠিয়াই আছে মাফিয়াই৷ সেইসকলৰ আছে দীঘল হাত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial