পিঠা পুৰিবলৈ অসমীয়াই ব’হাগতো নাৰিকল নাপালে৷ নাৰিকলৰ লাড়ু বনাবলৈ বজাৰত এতিয়াও নাই নাৰিকল৷ উজনিৰ যোৰহাট-মৰিয়নিৰ বজাৰত লোকেল নাৰিকল পাবলৈয়েই নাই৷
যি দুই-এটা নাৰিকল আছে তাৰো অভাৱনীয় দাম৷ এটা নাৰিকলৰ দামেই এশ টকালৈ বাঢ়িছে৷
বজাৰ ভৰি পৰিছে কেৰালাৰ পৰা অহা নাৰিকলেৰে৷ প্ৰতিখন ফল-মূলৰ দোকান আনকি শ্বপিং মলতো এতিয়া সহজেই উপলব্ধ কেৰালাৰ নাৰিকল৷
কেৰালাৰ পৰা ট্ৰাকে ট্ৰাকে অহা নাৰিকল সকলোতে উভৈনদী যদিও তথাপি চাহিদা পূৰণ হোৱা নাই৷ আকৃতিত অসমৰ থলুৱা নাৰিকলতকৈ সৰু এই নাৰিকলৰ সোৱাদো কম৷
এতিয়া এটা কেৰেলিয়ান নাৰিকলৰ দামো ৮০-১০০ টকা হৈছেগৈ৷ তথাপি সহজতে বজাৰ দখল কৰি লৈছে এই নাৰিকলে৷ লোকেল নাৰিকলৰ অভাৱত এতিয়া কেৰেলিয়ান নাৰিকলেৰে বিহু পাতিছে অসমীয়াই৷
গামোচা, চেলেঙৰ পিছত বিহুৰ পিঠাৰ বাবে প্ৰয়োজনীয় নাৰিকলো বাহিৰৰ পৰা আহিল৷ ঘৰৰ নাৰিকল কেৰ্কেটুৱাই খাই উদং কৰাৰ পিছত গছ কাটি তহিলং কৰিলে গঞাই৷
কেৰ্কেটুৱাৰ উৎপাতৰ বাবে অসমৰ উৎপাতৰ লাভ আদায় কৰিছে কেৰালাৰ ব্যৱসায়ীয়ে৷ এইবেলি কুম্ভমেলাৰ বাবেও চাহিদা অনুপাতে অসমলৈ অহা নাই নাৰিকল৷ সেয়ে অসমৰ পৰা ওলাই গৈছে কোটি কোটি টকা৷
নাৰিকলৰ লাড়ু বনালে নেকি?
