জিঅ’-এয়াৰটেলে বঢ়াব ৰিচাৰ্জ পেকৰ দাম

আকৌ বাঢ়িব মোবাইলৰ ৰিচাৰ্জৰ দাম
২০ শতাংশ বাঢ়িব ৰিচাৰ্জৰ খৰচ
৫জি সংস্থাপনৰ বাবে টেলিকম কোম্পানীয়ে কৰা খৰচ মোবাইল ফোনৰ গ্ৰাহকে বহন কৰিব লাগিব৷ সেৱা প্ৰদানৰ বাবে কৰা খৰচ সকলো টেলিকম কোম্পানীয়ে গ্ৰাহকৰ পৰা আদায় কৰিব৷ কিন্তু ৫জিৰ সুবিধা নাপালেও সকলো জিঅ’ বা এয়াৰটেলৰ গ্ৰাহকে দিব লাগিব অধিক ধন৷
যিহেতু ৫জিৰ বাবে কোম্পানীৰ ধন খৰচ হৈছে, সেয়ে উপভোক্তাৰ পৰাই বৰ্ধিত ব্যয়খিনি উচুল কৰিব টেলিকম প্ৰতিষ্ঠানে৷ ৫জি সংস্থাপনৰ বাবে হোৱা খৰচৰ বাবে তেওঁলোকে আকৌ বঢ়াব ৰিচাৰ্জৰ দাম৷
কিছুদিনৰ ভিতৰত ফোনৰ ৰিচাৰ্জৰ দাম ১০ৰ পৰা ২০ শতাংশ বৃদ্ধিৰ পৰিকল্পনা কৰিছে টেলিকম প্ৰতিষ্ঠানে৷ তদানুসৰি জিঅ’-এয়াৰটেল আদি সকলোৱে সন্মিলিতভাৱে গ্ৰাহকক মাধমাৰ সোধাবলৈ কৰিছে আঁচনি৷
বৰ্তমান দেশজুৰি ৫জি সেৱা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নিয়ামক কোম্পানীয়ে খৰচৰ জোৰা মাৰিব নোৱাৰা হৈছে৷ গতিকে লাভৰ পৰিমাণ নকমিবলৈ ৰিচাৰ্জৰ দাম বঢ়াবলৈ কৰিছে পৰিকল্পনা৷ সিদ্ধান্ত অনুসৰি মে’ৰ পৰা ৰিচাৰ্জৰ নতুন নিৰিখ কাৰ্যকৰী হ’ব৷
সকলো ধৰণৰ পেকৰ দামেই ১০ শতাংশ প্ৰথমে বৃদ্ধি কৰিব টেলিকম প্ৰতিষ্ঠানে৷ অৱশ্যে কেবাটাও পেকৰ দৰ ২০ শতাংশ বঢ়োৱাৰো পৰিকল্পনা কৰিছে কোম্পানীয়ে৷ আনহাতে কিছুদিন পূ্ৰ্বেহে টেলিকম প্ৰতিষ্ঠানে ৰিচাৰ্জৰ দাম বঢ়াইছিল৷
সেইবাৰো ঘাটী বাজেটৰ জোৰা মাৰিবলৈয়েই দৰ বৃদ্ধিৰ যুক্তি দিছিল কৰ্তৃপক্ষই৷ কিন্তু এইবাৰ ৫জিৰ বাবে সেৱাৰ ব্যয় বৃদ্ধি হোৱা বুলি নিয়ামক প্ৰতিষ্ঠানে সদৰী কৰিছে৷ লগে লগে আৰম্ভ হৈছে ৰিচাৰ্জ পেকৰ দৰ বৃদ্ধিৰ তৎপৰতা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial