চোৰৰ সৈতে গাঁৱবাসীৰ সমদল

ধৰ ধৰ ধৰ নাঙল চোৰক ধৰ
এইদৰে স্বীকাৰ কৰাটো আপুনি হলধৰ নামৰ চিনেমাত দেখিছে৷ কিন্তু ৰিয়েল লাইফত গৰু চোৰে নিজৰ দোষ স্বীকাৰ কৰাটো আগতে সম্ভৱতঃ দেখা নাছিল৷
কিন্তু এতিয়া অসমতে গৰুচোৰে স্বীকাৰ কৰিছে দোষ৷ নিশা গোহালিৰ পৰা গৰু উলিয়াই নি ধৰা পৰিছিল চোৰ৷ সেইসকলক বন্দী কৰি গঞাই পথেৰে সমদল উলিয়ালে৷ তেতিয়া নিজৰ দোষ স্বীকাৰ কৰিবলৈ বাধ্য হ’ল চোৰ৷
অৰ্ধ উলংগ চোৰে প্ৰথমে অৱশ্যে ক’বলৈ বিচৰা নাছিল৷ কিন্তু গঞাৰ ধমকত চোৰে সেও মানিলে৷ শেষত সমদলত চিঞৰি ক’লে
আমি গৰু চোৰ
এই ঘটনাত জড়িত দুই চোৰ খাটী অসমীয়া৷ গৰু বিহুৰ পিছত গোহালি উদং কৰিবলৈ চোৰে চলাইছিল ছাৰ্জিকেল ষ্ট্ৰাইক৷ কিন্তু সফল নহ’ল অসমীয়া গৰুচোৰ৷ তেওঁলোকক গঞাই বন্দী কৰি উত্তম-মধ্যম সোধালে৷
ঘটনাটোৱে হাঁহিৰ খোৰাক যোগাইছে যদিও পৰিস্থিতি কিমান বিপজ্জনক সেয়াও প্ৰতিফলিত হৈছে৷ অসমীয়া খেতিয়কে বৰ্তমান গোহালিত গৰু ৰাখিবলৈয়ো কৰা হৈছে ভয়৷
সেয়ে আধামূলীয়াকৈ গৰু বিক্ৰী কৰি সংশয়ৰ পৰা তেওঁলোক মুক্ত হৈছে৷ এই ভিডিঅ’টো উজনিৰ বুলি তথ্য লাভ কৰিছোঁ৷ যি প্ৰমাণিত কৰিছে খেতিয়কৰ সংকট৷
মিঞাৰ সলনি যে অসমীয়াও গৰুচুৰিত লাগিছে সেয়া নিশ্চিত হৈছে৷ গতিকে গৰু বেচিবলৈ বাধ্য হৈছে খেতিয়ক৷ **

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial