যিকোনো মুহূৰ্ততে সলনি হ’ব পাৰে মহাৰাষ্ট্ৰৰ ৰাজনীতি৷ বিচ্ছেদৰ বেদনাত জৰ্জৰিত থাকৰে পৰিয়ালৰ পুনৰ মিলনে ভাঙিও পেলাব পাৰে বিজেপি নেতৃত্বাধীন মহাযুটীৰ চৰকাৰ৷ অৱশ্যে প্ৰত্যাশা অনুযায়ী একত্ৰীকৰণ হ’লে বিৰোধী মিত্ৰজোঁটো নি:শেষ হ’ব পাৰে৷
কিয়নো বৰ্তমান শেষ পৰ্যায়ত উপনীত হৈছে উদ্ধৱ আৰু ৰাজ থাকৰেৰ পুন:মিলনৰ আলোচনা৷ বালাচাহেব থাকৰেৰ উত্তৰাধিকাৰী হিচাপে পৰিচিতি অৰ্জনৰ পিছতো শিৱসেনাৰ পৰা আঁতৰি সুকীয়াকৈ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা গঠন কৰা ৰাজ থাকৰেই ককায়েক উদ্ধৱৰ সৈতে দীঘলীয়াকৈ কথা পাতিছে৷
থাকৰে পৰিয়ালৰ বিভাজনে মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী ৰাজনীতি দুৰ্বল কৰি পেলোৱাৰ দুই দশকৰ পিছত চলিছে পুন:মিলনৰ পৰ্ব৷ খবৰ অনুসৰি ৰাজনৈতিক শক্তি আহৰণৰ বাবে উদ্ধৱ থাকৰেই ভাতৃ ৰাজক দিছিল একত্ৰিত হোৱাৰ প্ৰস্তাৱ৷
শিৱসেনা ইউ বি টি আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ একত্ৰীকৰণৰ অৰ্থে দুয়োজন শেহতীয়াকৈ আলোচনাত বহিছে৷ এই খবৰৰ সত্যতা স্বীকাৰো কৰিছে উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউটে৷ যদি তেওঁলোক একত্ৰিত হয় তেন্তে মহাৰাষ্ট্ৰৰ ৰাজনীতি সলনি হ’ব৷
কিয়নো ৰাজ থাকৰে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ হিচাপেই পৰিচিত৷ কিন্তু তাৰ বিপৰীত ৰাজনৈতিক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা নথকা নহয়৷ থাকৰে ব্ৰাডাৰ্ছৰ পেচ্চ-আপে মোদীক কৰিব পাৰে লাভৱান৷ যদি সকলো ঠিকেই হৈ যায় তেন্তে আকৌ হিন্দুত্ববাদী ৰাজনীতিলৈ উভতিব উদ্ধৱ থাকৰে৷
আকৌ হিন্দুত্ববাদীলৈ ওভতনি
