অসমৰ মজনুৱে কৰিলে সাংঘাতিক কাণ্ড

সততে প্ৰেমিকাই অভিযোগ কৰে
মোৰ কাৰণে তোমাৰ সময়েই নাই…
কামক লৈ প্ৰেমিক ব্যস্ত হৈ থাকে৷ প্ৰেয়সীৰ সৈতে কথা পাতিবলৈ তেওঁৰ সময় নাই৷ সেয়ে প্ৰেমিকাই প্ৰায় কৰে মৰম সনা আবদাৰ৷ কথা পাতিবলৈ ধৰিলেও কয়- তুমি মোক গুৰুত্বই নিদিয়া ন…
কিন্তু এইজন প্ৰেমিকক কেতিয়াও প্ৰেয়সীয়ে তেনেকৈ ক’ব নোৱাৰে৷ কাৰণ বিহু ফাংশ্যনত জুবিনে গান গাই থকা সময়তো তেওঁ প্ৰেমিকাক সময় দিয়ে৷ জুবিনক অৱহেলা কৰি শুনে প্ৰেয়সীৰ মৰম সনা মাত৷
অৱশ্যে আমি বিশেষ অসমীয়া মজনুৰ নাম-ঠিকনা উদ্ধাৰ কৰিব পৰা নাই৷ কিন্তু তেৱেঁই যে বিহুৰ বতৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিক সেয়া চকু মুদিয়েই কৈ দিব পাৰি৷
যিসময়ত সকলো দৰ্শক বিহু শুনাতে মগ্ন হৈ আছিল তেতিয়া অসমৰ মজনুৱে মাটিত দিছিল বাগৰ৷ তৃণশয্যাত বাগৰি তেওঁ ৰিচিভ কৰিছিল প্ৰেমিকাৰ ভিডিঅ’ কল৷ মাটিত শুয়েই প্ৰেমিকাৰ সৈতে তেওঁ পাতিছিল কথা৷
তুমি মাত্ৰ এবাৰ কোৱা- সমস্ত পৃথিৱীৰ সুখ মই আজুৰি আনিম তোমাৰ বাবে৷ জোনটো তোমাৰ, তৰাবোৰহে মোৰ- সেইদৰেই সম্ভৱতঃ কৈছিল অচিনাকি প্ৰেমিকে৷
বহুতে অৱশ্যে সেইজন মজনুক মাতাল বুলি হাঁহিছে৷ মদৰ নিচাতহে মাটিত বাগৰি থকা বুলিও তেওঁক কৰিছে সন্দেহ৷
আমি অৱশ্যে তেওঁক মদাহী বুলিব বিচৰা নাই৷ এই মহঙা দিনত প্ৰেমৰ বাবেই ভূমি শয্যাকে পছন্দ কৰা পাগল প্ৰেমিক বুলিহে মানি লৈছোঁ অনামী যুৱকক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial