প্ৰীতি জিণ্টাই চাইহে থাকে৷ সুবিধা পালেই প্ৰীতিয়ে বুকুৰ মাজত সুমৱায় লয় যজুৰ্ৱেন্দ্ৰ চহলক৷ পঞ্জাব কিংছৰ স্পীনাৰ চহলক মৰম কৰিবলৈ অনবৰতে সুযোগ বিচাৰি থাকে প্ৰীতিয়ে৷ সুন্দৰী মালিকনী প্ৰীতিয়ে প্ৰতিখন মেচৰ শেষতে চহলক কৰে উষ্ম আলিংগন৷
আগতে প্ৰীতিৰ চহললৈ ইমান মৰম নাছিল৷ কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে মেচখনত ১১১ ৰানৰ টাৰ্গেট ডিফেণ্ড কৰি পঞ্জাব জয়ী হোৱাৰ বাবে পৰিৱেশ সলনি হ’ল৷ মেচখনত ২৮ ৰানত ৪টা উইকেট লৈ চহলে সলাই পেলাইছিল গতি৷
সেইদিনা চহল ওলাই অহাৰ পিছতে প্ৰীতি আকৌ হৈ পৰিছিল গাভৰু৷ গালৰ ডিম্পল জিলিকাই হাঁহি মাৰি প্ৰীতিয়ে বুকুত সুমুৱায় লৈছিল চহলক৷
তেতিয়াৰ পৰা অনবৰতে প্ৰীতিৰ লেমঢৌ হৈ ঘূৰি ফুৰিছে চহল৷ বিবাহ বিচ্ছেদৰ পিছৰ IPLৰ মেচত বল ঘূৰিছে চহলৰ৷ সেয়ে মালিকনীৰ আদৰ পাইছে তেওঁ৷
এতিয়া প্ৰতিখন মেচৰ পিছত চহলৰ কাষলৈ দৌৰ মাৰে প্ৰীতিয়ে৷ আনক গুৰুত্বই নিদিয়ে৷ চহলকহে টানি পেলায় বুকুৰ মাজত সুমুৱায়৷
এই দৃশ্য বন্দী কৰিবলৈ কেমেৰামেনৰ দৌৰাদৌৰি লাগে৷ প্ৰীতি আৰু চহলক ঘেৰি ধৰে ফটোগ্ৰাফাৰে৷ তেতিয়া চহলক বেছিকৈহে টাৱি ধৰে প্ৰীতিয়ে৷
অৱশ্যে এই কথাটোক লৈ বলীউডত চলিছে গচিপ৷ প্ৰীতিৰ প্ৰেমৰ কাহিনীও ওলাবলৈ ধৰিছে৷ প্ৰীতিৰ প্ৰেম কাহিনীতো বহুতে দেখা পাইছে টুইষ্টৰ লক্ষণ৷
সদায় বুকুৰ মাজত সুমুৱায় লয় তেওঁক…
