ছুইমিং পুলত জলকেলি নকৰিব দেই

অসমৰ এখন ৱাটাৰ পাৰ্কৰ পানীত ওলাইছে বীৰ্য৷ পানীৰ নমুনা পৰীক্ষা কৰি উদ্বেগজনক সম্ভেদ লাভ কৰিছে এটা বেচৰকাৰী সংস্থাই৷ তেওঁলোকে সবিশেষ তথ্য প্ৰকাশ কৰা নাই, কিন্তু পানীত বীৰ্যৰ উপস্থিতি প্ৰমাণিত হৈছে৷
অসমৰ আগশাৰীৰ ৱাটাৰ পাৰ্ক কেইখনৰ পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ তেওঁলোকে নমুনা সংগ্ৰহ কৰিছিল৷ সেই পানী লেবৰেটৰীত পৰীক্ষা কৰিছিল NGOটোৱে৷ সেই পৰীক্ষাৰ ফলাফল মতে বিশেষ ৱাটাৰ পাৰ্কখনৰ পানী প্ৰস্ৰাৱৰে উপস্থিতি বেছি৷ তদুপৰি পানীত মিহলি হৈ আছে বীৰ্য৷
ৱাটাৰ পাৰ্কৰ পানী বিশুদ্ধ কৰিবলৈ এবিধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে৷ কিন্তু সেইবিধ পদাৰ্থৰ ব্যৱহাৰে দীৰ্ঘদিনলৈ জল বিশুদ্ধ কৰি ৰাখিব নোৱাৰে৷ তথাপি অসমত লাভৰ আশাত ৱাটাৰ পাৰ্কখনে এমাহে পানী সলনি কৰা নাই৷ গতিকে ৰাসায়নিক দ্ৰব্যবিধেও চাফা কৰিব পৰা নাই পানী৷
সেই বিশেষ পাৰ্কখনৰ ছুইমিং পুলত দৈনিক যিমান মানুহ নামে, সেই অনুপাতে পানী সঘনাই চাফা কৰিব লাগে৷ কিন্তু কৰ্তৃপক্ষই সেয়া নকৰে৷ ফলত বহুতৰে হৈছে খজুৱতি৷
ৰজস্বলা হোৱা মহিলাও পানীত নামিছে বুলি পৰীক্ষা কৰা NGOটোৰ সূত্ৰই সদৰী কৰিছে৷ অৱশ্যে পৰীক্ষাৰ উদ্দেশ্য আৰু কাৰণৰ বিষয়ে তেওঁলোকে প্ৰকাশ কৰা নাই৷ তেওঁলোকে অসমৰ কৃত্ৰিম জল ভাণ্ডাৰৰ গুণাগুণৰ পৰীক্ষা কৰে বুলিহে প্ৰকাশ কৰিছে৷
ৱাটাৰ পাৰ্কৰ পানীত বহু বেছি পৰিমাণে বীৰ্যৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁলোকে উপস্থাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁলোকে সম্ভৱতঃ অধিক তথ্য প্ৰকাশ কৰিব৷ কিন্তু বিশেষ পাৰ্কৰ নাম-ঠিকনা একোৱেই তেওঁলোকে প্ৰকাশ কৰা নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial