হনুমান বুলিলেই ভয় কৰা হৈছে অসমৰ ৰাইজে৷ শেহতীয়াকৈ হনুমান জয়ন্তীত মন্দিৰত ভক্তই বন্তি জ্বলাইছে৷ কিন্তু হনুমানৰ ভয়ত ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে কেবাশ গাঁৱৰ গঞা৷ ৫ মিনিটৰ বাবে দুৱাৰ খুলি ঘৰৰ বাহিৰলৈ গ’লেও হনুমন্তৰ বংশধৰে ঘৰৰ পৰা সামগ্ৰী উলিয়াই নিছে৷
আমি ক’বলৈ ওলাইছোঁ বান্দৰৰ উপদ্ৰৱৰ কথা৷ যোৰহাট আৰু গোলাঘাটৰ কেবাটাও অঞ্চলত বান্দৰে হাঁহ-কুকুৰাও মাৰিবলৈ ধৰিছে৷ হাঁহৰ টোটোলা ফালি ধান-চাউল খাইছে বান্দৰে৷ কেবাঠাইতো বান্দৰ হৈ পৰিছে আমিষহাৰী৷ গোলাঘাটতে বান্দৰে মাংস খাবলৈ লৈছে৷
ধনীয়াপৰ্যন্ত আজিকালি বান্দৰে খাবলৈ ধৰিছে৷ বান্দৰে পাচলি বাৰী তহিলং কৰা ফুৰা বাবে বজাৰত একোৰে দাম নকমা হৈছে৷ কবিপৰ্যন্ত সকলো খাবলৈ ধৰিছে বান্দৰে৷ আন নালাগে নেমু গছতো আক্ৰমণ চলাইছে বান্দৰে৷
খাবলৈ নাপায়েই যেতিয়া ঘৰত থকা ফলৰ গছ কাটি পেলাইছে অসমৰ গ্ৰামাঞ্চলৰ লোকে৷ ঘৰত বান্দৰ সোমোৱাটো বন্ধ কৰিবলৈ আম-কঠালৰ গছ কাটিছে৷ গোলাখাটৰ বোকাখাটত প্ৰায় নোহোৱাই হৈ গৈছে অমিতা গছ৷ বান্দৰে কলি অমিতাও ছিঙি পেলোৱাৰ বাবে আজিকালি গছেই নাৰাখে গঞাই৷
ৰীল বনাই থকা মহিলাৰ পৰা মোবাইলো কাঢ়ি নিছে হনুমন্তই৷ মাজুলীৰ বুঢ়ীমাই গাঁৱৰ মহিলাৰ পৰা মোবাইল লৈ উধাও হৈছে বান্দৰ৷ বাৰীত সোমোৱা মহিলাৰ মুখৰ পৰা কাঢ়ি নিছে চশমা৷ মুঠতে গাঁৱবোৰত বান্দৰৰ বাবে মানুঙ থাকিব নোৱাৰা হৈছে৷
একমাত্ৰ বান্দৰৰ উৎপাতৰ জহতে যোৰহাটৰ গাঁৱত কমিছে মাটিৰ দাম৷ সেইবোৰ কিনিবলৈ মাৰোৱাৰীয়ে সুযোগ লাভ কৰিছে৷ বান্দৰ খেদিব নোৱাৰা অসমীয়াৰ পৰা মাটি কিনিছে বহিৰাগতই৷
হনুমানক পূজা কৰিলেও বান্দৰৰ ভয়ত ত্ৰস্তমান অসম
