সলনি হ’ল ছাত্ৰ সন্থাৰ পাৱাৰ চেণ্টাৰ

ইমান দীঘলীয়া ইতিহাসত এতিয়াৰ দৰে গুৰুত্বহীন হৈ পৰা নাছিল মাইকেল৷ বৰ্তমান যেনেদৰে নিষ্প্ৰভ হৈ পৰিছে, তেনেদৰে কেতিয়াও সমুজ্জ্বল ভট্টাচাৰ্য অকলশৰীয়া হৈ পৰা নাছিল৷ সভাপতি উৎপল শৰ্মাই সমুজ্জ্বলৰ পৰা কাঢ়ি লৈছে লাইমলাইট৷ কালীসাধনাৰ জৰিয়তে মুখ্য উপদেষ্টা পদ বাহাল ৰাখিলেও সমুজ্জ্বল হৈ পৰিছে অনুজ্জ্বল৷
আচলতে বিগত সময়ত ডঃ ভট্টাচাৰ্যই আছিল আছুৰ পাৱাৰ চেণ্টাৰ৷ সভাপতি-সম্পাদকৰো ঊৰ্ধ্বত আছিল তেওঁৰ ক্ষমতা৷ মুখ্য উপদেষ্টা হিচাপে ভট্টাচাৰ্যৰ ঘৰখনেই আছিল আছুৰ পাৱাৰ কৰিড’ৰ৷
সেয়ে অতিষ্ঠ হৈ অনুগত নেতাই তেওঁক মাইকেল বুলি কটাক্ষ কৰিছিল৷ মাইকেলক আছুৰ পৰা উলিয়াবলৈয়ো কৰিছিল লবী৷ কিন্তু কোনেও ভট্টাচাৰ্যৰ খুঁটি লৰাব নোৱাৰিলে৷
পিছে উৎপল শৰ্মা আছুৰ পূৰ্ণকালীন সভাপতি হোৱাৰ পিছত ভট্টাচাৰ্য ক্ৰমে শূন্য হৈ পৰিল৷ আছুৰ কোনো অনুষ্ঠানতে সমুজ্জ্বলৰ উপস্থিতিৰ প্ৰয়োজন নোহোৱা হৈ পৰিল৷ পূৰ্বে সমুজ্জ্বলে কোৱা কথাখিনিহে আছুৰ বক্তব্য হিচাপে প্ৰচাৰ কৰা হৈছিল৷ এতিয়া উৎপলে সেই স্থান দখল কৰিলে৷
চাৰিদিনীয়া বিয়াৰ পৰা হিতাধিকাৰীলৈ সকলো বিষয়তে মাত মাতি উৎপলে সমুজ্জ্বলক কৰিলে অভাৰটেক৷ মুখ্য উপদেষ্টা পদ বাহাল ৰাখিও সমুজ্জ্বলে আছুৰ ক্ষমতা দখল কৰিব নোৱাৰিলে৷ কেবাদশকৰ পিছত তেওঁক ক্ষমতাহীন কৰি পেলালে উৎপল আৰু সমীৰণ ফুকনে৷
বিগত সময়ত শংকৰ জ্যোতি বৰুৱায়ো সমুজ্জ্বলক অভাৰটেক কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু তেতিয়া স্থিৰ হৈ আছিল সমুজ্জ্বল৷ এইবাৰ কিন্তু বয়োবৃদ্ধ ছাত্ৰনেতাৰ অহংকাৰ ব্ৰহ্মপুত্ৰত উটি গ’ল৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial