জুবিনে কি হেৰুৱাইছিল তেতিয়া…

বাইহাটাৰ দুৰ্ঘটনাই জংকী বৰঠাকুৰলৈ মনত পেলাই দিলে৷ জুবিনৰ জীৱনৰ গতি সলনি কৰি পেলোৱা সেই ঘটনাটো ঘটিছিল ২০০২ চনৰ ১২ জানুৱাৰীত৷
অভিশপ্ত দিনটোত জুবিনৰ অনুষ্ঠান আছিল শোণিতপুৰৰ চতিয়াত৷ ভগ্নী জংকীৰ সৈতে জুবিন চতিয়ালৈ ৰাওনা হৈছিল৷ কিন্তু দৰ্শক হৈ পৰিছিল অধৈৰ্য৷
কাৰণ নিৰ্ধাৰিত সময়ৰ বহু পিছলৈয়ো চতিয়াত জুবিন উপস্থিত হোৱা নাছিল৷ এদল বাদ্যযন্ত্ৰী আগতীয়াকৈ গৈছিল৷
ভগ্নী জংকী, ইবছনলাল আদিৰ সৈতে গৈ আছিল জুবিন৷ তেজপুৰ পাৰ হৈ বালিপৰাতো জুবিনৰ গাড়ী ঠিকেই উপস্থিত হ’ল৷
শোণিতপুৰৰ লখৰা নামৰ ঠাইখনো পালেগৈ৷ কিন্তু তেতিয়াই সকলো শেষ হৈ গ’ল৷ দ্ৰুতবেগী ট্ৰাকৰ তলত সোমাই গ’ল জংকীয়ে যাত্ৰা কৰা ফ’ৰ্ড আইকন গাড়ীখন৷
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে জংকী নিমিষতে শেষ হৈ গৈছিল৷ মায়াবী চকুৰ ছোৱালীজনীক ঠাইতে মৃত ঘোষণা কৰা হৈছিল৷ আহতসকলৰো অৱস্থা আছিল গুৰুতৰ৷
সেই ঘটনাই জুবিনৰ জীৱনৰ কক্ষপথ সলনি কৰি পেলালে৷ বহুদিনলৈ অস্থিৰেই হৈ থাকিল জুবিন৷ নিশা গৈ ভূতনাথ শ্মশানত ভনীয়েকৰ সৈতে জবিনে কথা পাতি থকা হ’ল৷
তাৰ পিছত আকৌ এইবাৰ বাইহাটা চাৰিআলিত দুৰ্ঘটনাত পতিত হ’ল জুবিনৰ সংগী বাদ্যযন্ত্ৰী প্ৰিয়াংকু বৰদলৈ, ঋষভ ভূঞা আৰু শেখৰজ্যোতি গোস্বামী৷ কিন্তু পেছাদাৰীত্বৰ উৎকৃষ্ট নিদৰ্শন দেখুৱায় তিনিও পাঠশালাৰ বিহুত বাদ্যযন্ত্ৰ সংগত কৰিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial