জয়ন্ত মল্লৰ জৰিয়তে সভাপতিক ৱাৰ্নিং মুখ্যমন্ত্ৰীৰ

দিলীপ শইকীয়াৰ তেতিয়া ঘৰ নাছিল৷ ABVPৰ ৰাজ্যিক কাৰ্যালয়তে থাকিছিল দিলীপ৷ চাইকেল চলাই বাতৰি কাকতৰ কাৰ্যালয়ত প্ৰেছ ৰিলিজ বিলাই ফুৰিছিল দিলীপ শইকীয়াই৷ তেতিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত নিয়মীয়াকৈ বহিছিল কেৱল ফণীন্দ্ৰনাথ শৰ্মা৷
পিছলৈ প্ৰদ্যুৎ বৰাই নিজা খৰচত অফিচটোত পৰ্দা লগালে৷ ABVP আৰু বিজেপিৰ যোগসূত্ৰ হৈ পেডেল কোবায়েই থাকি দিলীপ শইকীয়াই৷
ইমানখিনি ত্যাগ স্বীকাৰৰ পিছতো আকৌ হাৰি গ’ল দিলীপ শইকীয়া৷ প্ৰদেশ বিজেপিৰ সভাপতি হৈয়ো তেওঁ সামান্য মণ্ডল কমিটীৰ সভাপতিকে অপসাৰণ কৰিব নোৱাৰিলে৷ জয়ন্ত মল্লবৰুৱাই লেঠু ছিঙা নেতাৰ দৰে অৱস্থা কৰি পেলালে দিলীপৰ৷
নলবাৰীত পহিলা ব’হাগতে ছেকেণ্ডহেণ্ড অফিচ উদ্বোধনৰ সময়ত দিলীপ শইকীয়া যেতিয়া গৰগৰাই উঠিছিল, তেতিয়া জয়ন্ত মল্লবৰুৱা চুপ হৈ গৈছিল৷ কিন্তু পিছলৈ জয়ন্তই দিলীপক ফেপেৰি পাতি ধৰিলে৷
দিলীপ শইকীয়ায়ো কঠোৰ স্থিতি পৰিহাৰ কৰিবলৈ বাধ্য হ’ল৷ জয়ন্ত মল্লৰ অনুগত সভাপতিক পদৰ পৰা তেওঁ অপসাৰণ কৰিবই নোৱাৰিলে৷ শেষত ঠেলা-হেঁচা হোৱাৰ বাবেহে গালি পাৰিছিল বুলি ক’বলৈ তেওঁ বাধ্য হ’ল৷
আচলতে জয়ন্ত মল্লৰ জৰিয়তে দিলীপ শইকীয়াৰক ৱাৰ্নিং দিলে মুখ্যমন্ত্ৰীয়ে৷ বাজপেয়ী ভৱনত পুৰণি বিজেপিৰ নামত যে একো ওস্তাদি নচলিব সেই কথাটোও দিলীপ শইকীয়াক বুজাই দিলে৷ শেষত হাৰি গ’ল দিলীপ শইকীয়া৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial