মাটিৰ তলত পৰিৱৰ্তনৰ ফলত অসম ভূমিকম্পৰ আগজাননী আমেৰিকাৰ

ভূগৰ্ভত সাংঘাতিক পৰিৱৰ্তন হৈছে৷ ভাৰতীয় টেক্টনিক প্লেট অৰ্থাৎ ভূফলক হৈ পৰিছে বিভাজিত হৈছে৷এই পৰিঘটনাই সমগ্ৰ মহাদেশখনৰে ভূ-তাত্ত্বিক পৰিৱেশ সলনি কৰিব পাৰে।
আমেৰিকান জিঅ’ ফিজিকেল ইউনিয়নৰ ব্যাখ্যা অনুসৰি ভূফলকৰ এটা অংশ অধিকক তললৈ সোমাই গৈছে৷ কাহানিও নোহোৱা নোপোজা ধৰণেৰে বহি গৈছে টেক্টনিক প্লেট৷
গৱেষণা অনুসৰি ভাৰতীয় প্লেটখন প্ৰায় ৬০ নিযুত বছৰ ধৰি ইউৰেছিয়ান প্লেটৰ সৈতে ঘঁহনি খাই আছে৷ যাৰ বাবে বাঢ়ি গৈছে হিমালয় পৰ্বতমালাৰ উচ্চতা৷ কিন্তু সাম্প্ৰতিক গৱেষণা মতে ভূফলকৰ এটা অংশৰ অৱস্থান বিপজ্জনক হৈ পৰিছে৷
তিব্বতৰ ভূমিকম্পৰ তৰংগ আৰু হিলিয়াম আইছ’টপ বিশ্লেষণৰ দ্বাৰা আমেৰিকাৰ বিজ্ঞানীয়ে এই পৰিৱৰ্তন ধৰা পেলাইছে৷ এতিয়া টেক্টনিক প্লেটত বিজ্ঞানীয়ে এটা উলম্ব ফাট আৱিষ্কাৰ কৰিছে৷
মাৰ্কিন বিশেষজ্ঞ ড’ৱে ভান হিন্সবাৰ্গেনৰ মতে টেক্টনিক প্লেটৰ অৱস্থান সলনিৰ বিষয়ে বিজ্ঞানীয়ে পূৰ্বে প্ৰমাণ পোৱা নাছিল৷ এই আৱিষ্কাৰে ভাৰতীয় ভূফলকৰ বৈশিষ্ট্যও প্ৰতিপন্ন কৰিছে৷ স্তৰীভৱন প্ৰক্ৰিয়াই ভূমিকম্পৰ প্ৰাবল্যও পিছে প্ৰভাৱিত কৰিব পাৰে৷
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ছাইমন ক্লেম্পাৰাৰৰ মতে উচ্চ সংকোচনৰ অঞ্চলত টেক্টনিক প্লেটবোৰত বহুতো ফাট দেখা যায়। এই ফাটবোৰে ভূ-ত্বকত চাপ বৃদ্ধি কৰিব পাৰে, যিয়ে ভূমিকম্পৰ প্ৰাবল্য বৃদ্ধি কৰে৷ ফলত অসমতো হ’ব ভয়ংকৰ ভূমিকম্প৷ এইবাৰ প্ৰকৃতিয়ে ৰক্ষা নকৰে অসমক৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial