জনতাৰ প্ৰতিবাদৰ পিছতো নিৰ্মাণ কৰা হ’ব ইটালিন জলবিদ্যুৎ প্ৰকল্প৷ অৰুণাচল প্ৰদেশৰ আনিনিৰ দিবাং উপত্যকাত ৩,০৯৭ মেগাৱাট শক্তি সম্পন্ন ইটালিন জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ নিশ্চিত কৰিছে চৰকাৰে৷
সেইবাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দিবাং উপত্যকা জিলাৰ উপায়ুক্তক প্ৰকল্প নিৰ্মাণৰ দায়িত্ব লাভ কৰা শতদ্ৰু জল বিদ্যুৎ নিগম লিমিটেডে আগবঢ়োৱা ২৬৯.৯৭ কোটি টকাৰ ধনৰাশি প্ৰদান কৰিছে৷
হিমালয় পাদদেশৰ চহকী আৰু পৃথিৱীৰ এটা বৃহৎ জৈৱ বৈচিত্ৰ্য গুৰুত্বপূৰ্ণ অঞ্চলত স্থাপন কৰিবলৈ লোৱা বান্ধটোৰ বাবে ১১৬৫ হেক্টৰ গভীৰ বনাঞ্চল উচ্ছেদ কৰা হ’ব৷ লগতে ২ লাখ ৮০ হেজাৰ জোপা পূৰঠ গছ কটা যাব।
অঞ্চলটোৰ ভূমিপুত্ৰ মিছিমীসকলে বান্ধটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ দেশৰ মূল ভূখণ্ডৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হিমালয়ৰ পাৰ্বত্য অঞ্চল ক্ৰমে উত্তৰাখণ্ড, অৰুণাচল আদিত বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ আঁচনি গ্ৰহণ কৰিছে৷ কিন্তু পৰিপ্ৰেক্ষিতত পাৰিপাৰ্শ্বিক অৱস্থা হৈ পৰিছে বিপন্ন৷
চৰকাৰী তথ্য অনুসৰি এইবছৰেই ইটালিন বান্ধৰ নিৰ্মাণ আৰম্ভ কৰা হ’ব৷ তাৰ বাবে বছৰৰ শেষলৈ কাটি পেলোৱা হ’ব ২ লাখ ৮০ হাজাৰ গছ৷ সেই এলেকা বৃহৎ নদীবান্ধ সাজিবলৈ মৰুভূমি কৰি পেলোৱা হ’ব৷
অৰণাচলৰ প্ৰকৃতি ধ্বংসই প্ৰভাৱিত কৰিব অসম৷ কমিব বৰষুণ৷ গতিকে অসমবাসী দুৰ্যোগৰ বাবে সাজু হোৱাই মগংল৷
অসমত আৰু এটা বৃহৎ নদীবান্ধ!
