বিহুটি বজৰুৱা হ’ল
নাচনীয়ে গাড়ী ভেটি চান্দা তুলিব পৰা হ’ল
বিহুৰ এই বজৰুৱা ৰূপে অসমৰ গ্ৰামাঞ্চলকো ছানি ধৰিছে৷ মুগাৰ সাজ পিন্ধা নাচনীয়ে পইচা নোপোৱালৈ গাড়ী যাবলৈ দিয়া নাই৷ এদল বিহুৱাই আকৌ মাৰোৱাৰীৰ গোলাৰ সন্মুখত বিহু মাৰি আছে৷ শেষত মাৰোৱাৰীয়ে দিছে সামান্য ধন৷
নামনি অসমত এদল কণমানিক বিহুৰ নামত ভিক্ষা খুজিবলৈ অগ্ৰজই শিকাই দিছে৷ সেইমতে তেওঁলোকে গাড়ীৰ আগভেটি ধৰিছে৷ জৰুৰী কামত ওলাই যোৱা গাড়ী-বাইক কাকো যাবলৈ দিয়া নাই বিহুৱাই৷ পইচা দিলেহে বাট এৰি দিছে৷
তেওঁলোকে এপাক বিহু নাচি ২০০ টকা দাবী কৰিছে৷ দৰ-দাম কৰি হুঁচৰীৰ বৰঙনি আদায় দিছে পথচাৰীয়ে৷ বিহুৰ নামত ভিক্ষাৰ দৰে কু-পৰম্পৰাই ছাৱি ধৰিছে ৰাজ্য৷
একেদৰে উজনিৰ বিভিন্ন অঞ্চলৰ ধনৱন্ত ব্যৱসায়ীৰ দোকানত সোমাইছে নাচনী আৰু ঢুলীয়া৷ গেলা গৰমত চহৰৰ ৰাস্তাত মুগাৰ সাজ পিন্ধি নাচনীয়ে নাচি ফুৰিছে৷ অসমীয়াৰ প্ৰাণৰ বিহুটিক ভিক্ষালৈ পৰ্যৱসিত কৰি তেওঁলোকে নাচিছে৷ মাৰোৱাৰী বণিয়া গ্ৰাহকৰ সৈতে ব্যস্ত হৈ আছে৷ ইতিকিঙৰ পাত্ৰ হৈ তেতিয়াই নাচি আছে অসমীয়া গাভৰুৱে৷
ঢোলৰ শব্দটোও যেন গাড়ীৰ শব্দত বিকৃত হৈ পৰিছে৷ শোণিতপুৰত আকৌ কেৱল ধন ঘটাৰ বাবে তথাকথিত বিহুৱাই ঢোল বাই ফুৰিছে৷ দোকানে দোকানে সোমাই এপাক বিহু মাৰি তুলিছে চান্দা৷
পইচা নাপালে গাড়ী যাবলৈ নিদিয়ে বিহুৱাই
