খুঁটাত নোহোৱা হৈছে লোহা

কাটি নিছে দলঙৰ লোহা
মাজুলীৰ আধৰুৱা দলঙৰ পৰা সদায় লোহা চুৰি
হয়, আপুনি ঠিকেই শুনিছে
চোৰে লণ্ডভণ্ড কৰিছে মাজুলীৰ আধৰুৱা দলং৷ বহুদিন নিৰ্মাণকাৰ্য হৈ থকা দলংখনৰ খুঁটাবোৰৰ পৰা আগতে ওলাই আছিল দীঘল লোহা৷ কিন্তু বৰ্তমান সেইবোৰৰ অস্তিত্বও নাই৷ কাৰণ লোহাবোৰ কাটি লৈ গ’ল অসমীয়া চোৰে৷
কেন্দ্ৰীয় চৰকাৰে আকৌ নিমাতী-মাজুলী দলঙৰ নিৰ্মাণ আৰম্ভ কৰিব বুলি জনাইছে৷ কিন্তু কাম কৰালৈ খুঁটাবোৰ থাকেনে নাথাকে সেয়াহে ভাবিবলগীয়া কথা৷ কাৰণ এতিয়াই দলংখনৰ লোহা চোৰৰ চকুত পৰিছে৷
বিশেষ সূত্ৰই আমাক জনোৱা মতে নাৱৰ জৰিয়তে দুৰ্বৃত্তই চুৰি কৰিছে লোহাবোৰ৷ খুঁটাৰ পৰা ওলাই থকা কেবাকুইণ্টল লোহা ইতিমধ্যে নোহোৱা হৈছে৷ বিশেষকৈ দলঙৰ উত্তৰ পাৰৰ সকলো খুঁটাৰ পৰাই কাটি নিছে লোহা৷
সেইবোৰ চোৰে যোৰহাটৰ এখন কাবাৰীত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ তথাপি প্ৰশাসনে চোৰ ধৰিব পৰা নাই৷ প্ৰতিদিনেই মাজুলী সংযোগী দলঙৰ খুঁটাৰ পৰা নোহোৱা হৈছে লোহা৷
আনহাতে চৰকাৰে ঘোষণা কৰিলেও সমাগত বাৰিষাত নিৰ্মাণকাৰ্য অসম্ভৱ হৈ পৰিব৷ গতিকে খৰালীপৰ্যন্ত সেই দলংখন সাজিব নোৱাৰিব ঠিকাদাৰে৷ গতিকে তেতিয়ালৈ দলঙত যে লোহা থাকিব সেয়া ভাবিবই নোৱাৰি৷
মূলতঃ উৎকৃষ্ট লোহাবোৰ চুৰি কৰি ব্যক্তিগত কামতো চোৰে ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ আৰক্ষীকো এই বিষয়ে অৱগত কৰোৱা হৈছে৷ কিন্তু ধৰা পৰা নাই চোৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial