বামৰ পৰা ডাইৰেক্ট ৰাম হ’ল কমল

কমল কুমাৰ মেধিৰ কি হ’ল?
কি কমল মেধি যে কি হৈ গ’ল…
বামৰ পৰা একেকোবে কমল ৰাম হৈ গ’ল…
অখিল গগৈৰ আজন্ম সংগী কমল মেধি যেতিয়া কমিউনিষ্ট আছিল, তেতিয়া ফে’চবুকত আপলোড কৰা নাছিল গাহৰি মাংসৰ ফটো৷ সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ বাবে কবিতাহে লিখিছিল কমলে৷ কংগ্ৰেছ আৰু ৰাইজৰ দলত থকাৰ সময়তো কমলে গাহৰি বেয়া পাইছিল৷
কমল কুমাৰ মেধিয়ে আপত থাকোতেও খোৱা নাছিল গাহৰি মাংস৷ পিছে সময়বোৰ সলনি হ’ল, কমলেনো কি কৰিব?
হাৰি গ’ল কমল কুমাৰ মেধি…
বজালীৰ বামুণপাৰা গাঁৱত গাহৰি মাংসৰ দোকানত টুল পাৰি বহি ল’বলৈ কমল বাধ্য হ’ল৷ হিন্দুত্বৰ ব্ৰেণ্ড এম্বেছাডৰ গাহৰি মাংসৰ ফটোও প্ৰদৰ্শন কৰিলে কমলে৷ বামুণপাৰা গাঁৱৰ ৪০০ টকীয়া পৰ্কৰ কথা তেওঁ জনাই দিলে সকলোকে৷
কিন্তু এসময়ত তথাকথিত ছেকুলাৰ দলৰ সদস্য হৈ থকা সময়ত কমল মেধিয়ে কোনোদিনে কোৱা নাছিল বামুণপাৰা গাঁৱৰ গাহৰি মাংসৰ কথা৷ এতিয়া কিন্তু কমলৰ ৰেহৰূপ সলনি হৈছে৷
বিজেপিত প্ৰৱেশৰ পূৰ্বে কমলে লিখি আছিল ৰতন বড়ো দৌৰিছে শীৰ্ষক উপন্যাসখন৷ গেৰুৱা ৰাজনীতিৰ হেঁচাই কমলৰ উপন্যাসো বন্ধ কৰি দিলে৷
বাজপেয়ী ভৱনত কমলে ছাৰেণ্ডাৰ কৰাৰ পিছত কাপৰ পৰা নোলোৱা হ’ব কবিতাও৷ কেৱল বুথৰ হিচাপতে সীমাবদ্ধ হৈ ৰ’ল কমলৰ কলম৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial