হিন্দুধৰ্মীয় ন্যাসত মুছলমান আছেনে?
এই প্ৰশ্ন সুধিছিল ছুপ্ৰিম ক’ৰ্টে
কিন্তু ন্যাস বাদেই দিয়ক, মন্দিৰতো নাই মুছলমানৰ প্ৰৱেশাধিকাৰ৷ ধৰ্মনিৰপেক্ষতাৰ অভেদ্য দুৰ্গ বুলি পৰিচিত সত্ৰতো নাই ইছলমাধৰ্মীৰ প্ৰৱেশৰ অধিকাৰ৷
ৱাকফ ব’ৰ্ডৰ সাংবিধানিক বৈধতাৰ বিষয়ে ছুপ্ৰিম ক’ৰ্টত শুনানীৰ সময়ত এই প্ৰসংগ উত্থাপিত হৈছে৷ কিয়নো বৰপেটা সত্ৰত মুছলমানৰ প্ৰৱেশাধিকাৰ নাই৷
বিগত সময়ত সাহিত্যিক ইছমাইল হোছেইনৰ প্ৰৱেশৰ বাবে বৰপেটা সত্ৰ ধুই নিকা কৰা হৈছিল৷ প্ৰথিতযশা সাহিত্যিক চৈয়দ আব্দুল মালিকে এই নিয়মৰ কথা জানিছিল৷ সেয়ে তেওঁ সত্ৰৰ মূল দ্বাৰেৰে প্ৰৱেশৰ পৰা বিৰত আছিল৷
গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থানতো অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ৷ অসমৰ দৰে ধৰ্মনিৰপেক্ষ সমাজেও এই মন্দিৰত কেৱল হিন্দুৱেহে প্ৰৱেশ কৰিব পাৰিব বুলি ছাইনব’ৰ্ডেই লগাই দিয়া হৈছে৷
কিন্তু ৱাকফ ব’ৰ্ডত হিন্দু সদস্যক প্ৰৱেশাধিকাৰ দিছে চৰকাৰে৷ নতুন আইন প্ৰণয়ন কৰি চৰকাৰে ৱাকফ ব’ৰ্ডৰ দুৱাৰ সকলোৰে বাবে মুকলি কৰিছে৷ একেসময়তে অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে হিন্দু মন্দিৰত৷
শেহতীয়াকৈ তিৰুপতি তিৰুমালা দেৱস্থানমে মন্দিৰৰ পৰা মুছলমান সদস্যক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে৷ এই প্ৰসংগ ছুপ্ৰিম ক’ৰ্টত উত্থাপিত হৈছে৷
ৱাকফ ব’ৰ্ডত কিয় সোমাব হিন্দু?
