নাম সলনি হৈ গ’ল অসমীয়াৰ বাপতি সাহোনৰ

এইবাৰ বিহু অলপ বেলেগ
গাঁৱত বিহুৰ পিঠাও বিলাইছে
আগতে নমতা মানুহকো মাতিছে
কিয় বুলি ভাবিছে!
কথাবোৰ অলপ বেলেগধৰণৰ৷ এইবাৰৰ বিহুত আগতে কাকো মাতিবলৈ ইচ্ছাই নকৰা মানুহেও ওচৰ-চুবুৰীয়াক দিছে বিহুৰ শুভেচ্ছা৷ দৰকাৰ হ’লে পিঠা-পনাও যোগান ধৰিছে৷ অৱশ্যে বিনাস্বাৰ্থত এই কাম তেওঁলোকে কৰা নাই৷
বিহুত জনসেৱা কৰি ফুৰাসকল হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী৷ ভোটৰ আশাত প্ৰাৰ্থীসকলে আগৰ অহংকাৰ ত্যাগ কৰিছে৷ গোমোঠা মুখৰ প্ৰাৰ্থীয়েও কৰিছে ফুৰিছে জনসেৱা৷
পূৰ্বে কাকো নমতা যুৱকজনেও বিহুৰ দিনটোতে গৈ গাঁৱৰ বুঢ়া-মেথাক গামোচা পিন্ধাইছে৷ ভাগৱত ভ্ৰমণৰ সময়ত আগভাগ লৈছে৷ কাৰণ তেওঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত কৰিছে প্ৰতিদ্বন্দ্বিতা৷
মটৰ চাইকেলৰ স্পীডো গ্ৰামাঞ্চলত কমি গৈছে৷ প্ৰাৰ্থীসকলে আহোতে-যাওতে ৰাইজক মাতি মাতিহৈ গৈছে৷ নিজৰ এলেকাত ব’হাগী সন্মিলন আয়োজনৰো গুৰি ধৰিছে নিৰ্বাচনৰ প্ৰাৰ্থীয়ে৷ একাংশই আকৌ পকেটৰ ধনো কৰিছে খৰচ৷
সেয়ে এইবেলি বিহুত অলপ বেলেগ হৈছে গাঁৱৰ পৰিৱেশ৷ বিজেপিৰ টিকট পোৱা প্ৰাৰ্থীয়ে বিহুৰ বতৰত ৰাইজক দিছে অগাধ প্ৰতিশ্ৰুতি৷ অৰুণোদয়ৰ পৰা বৃদ্ধ পেঞ্চনলৈ সকলো সুবিধা দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে ৰাইজক বিহুৰ উপহাৰ যাচিছে৷
স্থানীয় বিহু সন্মিলনলৈ মাতি নি বয়োজ্যেষ্ঠৰ ডিঙিত আঁৰি দিছে গামোচা৷ এতিয়া অৱশ্যে সেইখন গামোচা হৈয়েই আছে৷ পিছলৈহে প্ৰাৰ্থীয়ে সেইখনেৰেই ভোটাৰক চেঁপা মাৰি ধৰে বুলিহে বহুতে কৰিছে সন্দেহ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial