বছৰৰ আৰম্ভণিতে এটা বাস্তৱ কথা কওঁ
অসম কিমান দিনলৈ অসমীয়াৰ হৈ থাকিব?
জনমূৰী উপাৰ্জনৰ যদি তুলনা কৰো তেন্তে কিন্তু এতিয়ালৈ অসমীয়া পৰাজিত হৈছে৷ মিঞা লোকসকলে উপাৰ্জন কৰিছে বেছি ধন৷ ত্ৰিপুৰাৰ দৰেই অসমতো অসমীয়াৰ অৰ্থনৈতিক দখল নোহোৱা হৈছে৷
এগৰাকী মিঞা মহিলাই দিনটো সচৰাচৰ উপাৰ্জনেই কৰি থাকে৷ সুস্থ মিঞা মহিলাক ঘৰতে বহি বহি খোৱা কোনেও নেদেখে৷
মজুৰী কৰা মিঞা মহিলাগৰাকীয়ে দিনৰ দুই বজালৈ কমেও পাঁচঘৰত কাম কৰে । প্ৰতি ঘৰত তিনি হেজাৰকৈ হ’লেও মাহেকত ১৫-২০ হেজাৰ টকা উপাৰ্জন কৰে৷
মহিলাগৰাকীৰ স্বামীয়েও দিনটো কামেই কৰে । তেওঁৰ হাজিৰা ৮০০ টকা । মাহেকত ২৫-৩০ হেজাৰ টকা মহিলাগৰাকীৰ স্বামীয়ে ঘৰলৈ নিয়ে৷
তেওঁলোকৰ পৰিয়ালটোৱে মাহিলী কমেও ৪০-৫০ হেজাৰ টকা আয় কৰে৷ বছেৰেকীয়া হিচাপত ঘটে ৫-৬ লাখ টকা । এইটো সৰল অংক৷
কিন্তু অসমীয়া মহিলাই কি কৰে?
বেছিভাগেই আধা নাঙঠ হৈ ৰীলছ বনায়৷ ফে’চবুকৰ জৰিয়তে ধন ঘটাৰ আধাখুন্দা সপোনে তেওঁলোকক নচুৱায় আছে৷ বেছিভাগেই উপাৰ্জনৰ নামত মাহিলী চৰকাৰৰ পৰা ১২৫০ টকা পায়৷
আত্মসহায়ক গোটৰ নামতো সময়ে সময়ে চৰকাৰী সাহায্য লাভ কৰে৷ তাৰ বাদে উৎপাদনশীল কামত বেছিভাগ অসমীয়া মহিলা জড়িত নহয়৷
সেয়ে ব’হাগত বিহু মাৰি থাকিলেই জাতিৰ উন্নতি হ’ব বুলি সপোন দেখাটো অমূলক৷ বৰচুৰিয়াৰ ফেৰ মাৰি ফুৰিলেও কাম নকৰিলে লাভ নহয়৷
মিঞা মহিলাৰ ২৫ হেজাৰ- অসমীয়াৰ ১২৫০ টকা
