চেনাইক মৰমীয়ে গামোচাখন দিয়া নাই, ডেলিভাৰী বয়েহে দিছে৷ চৰকাৰী বিভাগে অ’ত-ত’ত অভিযান চলাই পাৱাৰলুমৰ কেইশমান গামোচা ধৰি ফুৰিছে, কিন্তু গাঁৱে-ভূঞে মুকলিকৈ বিক্ৰী হৈছে মেচিনৰ গামোচা৷
৫৮ টকাৰ পাইকাৰী দৰত মেচিনৰ গামোচা পোহাৰীয়ে বিক্ৰী কৰিছে৷ অনকি অনলাইনত বিক্ৰী হৈ থকা বেছিভাগ গামোচাই হৈছে পাৱাৰলুমৰ৷ গ্ৰামাঞ্চলত কেম্ভেছাৰে মুকলিকৈ বেচিছে মেচিনৰ গামোচা৷ অসমৰ বাহিৰত তৈয়াৰী গামোচা বৰ্তমান বাণিজ্য মেলাতো উপলব্ধ হৈছে৷
বিক্ৰেতাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ধৰা নপৰাকৈ ঘৰত ৰাখিছে পাৱাৰলুমৰ গামোচা৷ শালত বোৱা গামোচাৰ দাম হৈছে কমেও আঢ়ৈশ টকা৷ সেয়ে সকামত মান ধৰাৰ বাবে কামৰ বাবে ৫৫ৰ পৰা ৫৮ টকাত উপলব্ধ পাৱাৰলুমৰ গামোচাই গ্ৰাহকে বিচাৰে৷
মূলতঃ কম দামৰ বাবে এই গামোচাৰ বিক্ৰী বন্ধ হোৱা নাই৷ আনহাতে অনলাইন ছাইটত মুকলিকৈ পাৱাৰলুমৰ গামোচা বিক্ৰী হোৱাটো চৰকাৰী কৰ্তৃপক্ষৰ চকুত পৰা নাই৷ সেয়ে তেওঁলোকে নিৰ্বিবাদে চলাই আছে মেচিনত তৈয়াৰ গামোচাৰ বিক্ৰী৷
এই গামোচাবোৰ বিশেষতঃ চেন্নাইত তৈয়াৰ কৰা হয়৷ তাৰ পৰা ৰে’লেৰে পাৱাৰলুমৰ গামোচা অসমলৈ আনে বহিৰাগত বেপাৰীয়ে৷ সেইবোৰৰ জৰিয়তে অসমৰ অৰ্থনীতিৰ সামান্যও উন্নতি নহয়৷
কেৱল গামোচাই যে বৰ্তমান মেচিনত তৈয়াৰ কৰা হৈছে তেনে নহয়৷ বৰ্তমান দখনাও চেন্নাইৰ পৰা অসমলৈ আহিছে৷ পাৱাৰলুমৰ দখনা কিনিছে বড়ো যুৱতীয়ে৷ তাঁতশালত বৈ দিয়াৰ সলনি চেন্নাইত মেচিনত বোৱা দখনা বড়োভূমিত উভৈনদী হৈ পৰিছে৷
পাৱাৰলুমৰ দখনাৰেও ভৰি পৰিছে বড়োভূমি
