তপা মানুহে কাম নকৰাকৈয়ে পাব ৫০ হেজাৰ টকা

আপুনি তপা নেকি?
যদি আপোনাৰ মূৰত চুলি নাই, তেন্তে একো কামেই কৰিব নালাগে৷ এনেয়ে মাহিলী ৫০ হেজাৰকৈ টকা ঘটি থাকিব পাৰিব৷
তপা মানুহে আলাসতে ধন উপাৰ্জন কৰিব পৰাৰ সুবিধা দিছে এটা কোম্পানীয়ে৷ তেওঁলোকে প্ৰথমে মুম্বাইৰ এজন তপা মানুহৰ মূৰত কৰা টাটুৰে নিজৰ সামগ্ৰীৰ প্ৰচাৰ কৰিছিল৷ এই ব্যতিক্ৰমী কৌশলে কোম্পানীৰ লাভ বৃদ্ধি কৰিছে৷
সেয়ে তেওঁলোকে বাতৰি কাকত বা টিভিত বিজ্ঞাপন দিয়াৰ সলনি তপা মানুহৰ মূৰটোৱেই ব্যৱহাৰৰ বাবে লৈছে সিদ্ধান্ত৷ এই কৌশল মতে কোম্পানীয়ে তপা এম্বেছাদৰৰ মূৰত নিজৰ সামগ্ৰীৰ বিষয়ে টাটু কৰি দিব৷
সেই বিজ্ঞাপনটো মানুহজনে ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰিব লাগিব৷ যি ঠাইত জনসমাগম বেছি তাত নিজৰ মূৰত থকা টাটু দেখুৱাই ফুৰিব লাগিব লোকজনে৷
মুম্বাইত নিযুক্ত লোকজনে ইতিমধ্যে মাহিলী ৫০ হেজাৰকৈ টকা আয় কৰিছে৷ তেওঁ নিজৰ মূৰটো কোম্পানীক ভাৰা দিছে৷ যেনেকৈ ৰাস্তাত কাষৰ হ’ৰ্ডিং কোম্পানীয়ে ভাৰা কৰি লয়, সেইদৰেই তপা মানুহৰ মূৰটোও কিছুদিনৰ বাবে ভাৰাত লৈছে৷
মূৰৰ পৰা টাটু আঁতৰোৱাৰ খৰচো কোম্পানীয়েই বহন কৰিব৷ যিমান দিনলৈ কোম্পানীৰ সৈতে মূৰত চুলি নথকা মানুহজনৰ চুক্তি থাকে, সিমান দিনলৈ কিন্তু মূৰৰ পৰা টাটু মোহাৰিব নোৱাৰিব৷
অৱশ্যে চুলি থকা মানুহে চুলি খুৰাই এই সুবিধা ল’ব নোৱাৰে৷ মূৰৰ আটাইবোৰ চুলি সৰি যোৱাৰ পিছতহে কোম্পানীয়ে ব্ৰেণ্ড এম্বেছাডৰ পাতিব৷ গতিকে তপা মানুহে আলাসতে ঘটিব পাৰিব ধন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial