ভেঁকুৰী তিতাৰ দাম ১০০ টকা

এশ এবিধ বাদ দিয়ক, দহবিধ শাকো পাবলৈ নাই
অসমীয়াই বিহুত খোৱা শাকৰ এতিয়া বাৰীত অস্তিত্বও নাই৷ আজিৰ চামে ১০ বিধ শাকো চিনি নাপায়৷ আগতে গাঁৱৰ আলিৰ কাষতে গহৰা গজি থকা তিতা ভেঁকুৰীৰ আজিকালি ১০০ টকা কেজিত বিক্ৰী হৈছে৷ অসমীয়াৰ দৰেই থলুৱা শাক-পাতৰো অস্তিত্ব ক্ৰমে বিনাশ হৈছে৷
সংকটৰ সময়ত সামান্য সকাহ দিছে থলুৱা বেপাৰীয়ে৷ তেওঁলোকে বজাৰত উলিয়াইছে ১০১ বিধ শাকৰ বিশেষ পেকেট৷ ব’হাগৰ দুপৰীয়া শাক সংগ্ৰহ কৰিবলৈ কোনেও বাৰীত ঘুৰ্মুটিয়াই ফুৰিব নালাগে৷ তেওঁলোকৰ পৰা লৈ ল’ব পাৰিব বিশেষ পেকেজটো৷
এই পেকেজত আছে আজিৰ প্ৰজন্মই চিনি নোপোৱা শাক৷ বিশেষকৈ যোৰহাটৰ বৰহোলা বজাৰত প্ৰথমে ১০১ বিধ শাকৰ পেকেট বিক্ৰী হৈছিল৷ তাৰ পিছত আন প্ৰান্ততো একেবিধ সামগ্ৰী বিক্ৰী হৈছে৷
অৱশ্যে সকলোতে নাই ১০১ বিধ শাক৷ এটা পেকেটৰ দাম ঠায়ে ঠায়ে ৫০০ টকালৈ বৃদ্ধি হৈছে৷ তথাপি ধন লাভ কৰিছে অসমীয়া বেপাৰীয়ে৷ এয়াই গ্ৰাহকৰ বাবে বিহুৰ বজাৰত সন্তুষ্টি হৈ পৰিছে৷
মধ্য অসমত ১০১ বিধ শাক বিহুত চতুৰ্থটো দিনত খোৱাৰ নিয়মৰ বাবে বিক্ৰীও বৃদ্ধি হৈছে৷ আম কলিৰ পৰা পদিনালৈ সকলোবোৰ কিনিছে গ্ৰাহকে৷ মুছি খাবলৈ কেঁচা কঁঠালো বজাৰত বিক্ৰী হৈছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial