বিহুৰ দিনটোত শুনো আহক এটা অজান কাহিনী

বছৰেকৰ বিহুৰ দিনটিত ইতিহাসৰ কথা পাতো আহক
এই যে বিহুবোৰত অনেকবাৰ জাঁজী নৈৰ কথা উল্লেখ আছে, সেই নদীখন ক’ৰ পৰা উৎপত্তি হৈছে?
যোৰহাট আৰু শিৱসাগৰৰ সীমাৰে বৈ যোৱা জাঁজী নৈখন এটা পুখুৰীৰ পৰা প্ৰবাহিত হৈছে৷ আচৰিত যেন লাগিলেও কোবাল জাঁজী নৈ নগা পাহাৰৰ এটা সৰু পুখুৰীৰ পৰা বৈ আহিছে৷
এই পুখুৰীটো আছে নগা পাহাৰৰ মককচুং নগৰত। পুখুৰীটোৰ নাম ছাংটেমলা জুটো। ময়াপী পুখুৰীটোৰ পানী নকমেও, নাবাঢ়েও৷
সৰু পুখুৰীটোৰ পৰাই সৃষ্টি হৈছে মিলাক নামৰ নৈখন। খেনছা নামৰ গাঁৱখনতহে মিলাকে নদীৰ ৰূপ ধাৰণ কৰিছে৷ নৈখন উত্তৰে বৈ পাহাৰ এৰি সমতল সোমাইছে৷ তাৰ পৰা পশ্চিম দিশে বৈ আহিছে৷
অসমত প্ৰৱেশ কৰাৰ পিছতে মিলাক নদীৰ নাম হৈছে জাঁজী নৈ৷ সেই মিলাকৰ কথাই অসমৰ বিহুনামত অসংখ্যবাৰ উল্লেখ আছে৷
অসমীয়া চহা জীৱনত যৌৱনৰ পীৰিতিৰ সমাৰ্থক হৈ পৰা জাঁজী নৈৰ কথা কৈ থাকিলেও শেষ নহয়৷ নগা পাহাৰৰ সৰু পুখুৰীৰ পৰা বৈ অহা নদীখনে অসমৰ জাতীয় জীৱন চহকী কৰি তুলিছে৷ গঢ়ি তুলিছে নৈমাতৃক সভ্যতা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial