নেডাৰলেণ্ডত কি শিকিছে মুখ্যমন্ত্ৰী শৰ্মাই

আৰু ঋণ নলয় অসম চৰকাৰে
বিদেশৰ পৰা আহিয়েই ঋণ লোৱা বন্ধ কৰিলে হিমন্ত বিশ্ব শৰ্মাই
সম্ভৱতঃ নেডাৰলেণ্ডৰ পৰা আহিয়েই ঋণ লোৱাটো বন্ধ কৰাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব৷ লগে লগে আৰম্ভ হ’ব ঋণ পৰিশোধৰ পৰ্ব৷
এই অনুমান কৰাৰ কাৰণ আছে৷ বিহুৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা গৈছিল নেডাৰলেণ্ডলৈ৷ পূৰ্বে হলেণ্ড বুলি জনাজাত দেশখনৰ নাগৰিকসকলৰ পৰিচয় হৈছে ডাচ্চ৷ অৰ্থাৎ নেডাৰলেণ্ডৰ অধিবাসীক ডাচ্চ বুলি জনা যায়৷
এই ডাচ্চসকলৰ এটা বদনাম আছে৷ তেওঁলোক হৈছে পৃথিৱীৰ ভিতৰতে কৃপণ জাতি৷ সেইবাবে নেডাৰলেণ্ডত এতিয়াও গাড়ীৰ প্ৰচলন কম৷ কাৰণ ৯০ শতাংস ডাচ্চ নাগৰিকে চাইকেল চলায়েই কাম কৰিবলৈ যায়৷
নেডাৰলেণ্ডত বিয়া-সবাহতো হোটেলৰ দৰে খাদ্য পৰিৱেশন কৰা হয়৷ বিয়া খাবলৈ যোৱা অতিথিয়ে শেষত খাদ্যৰ দাম পৰিশোধ কৰে৷
ইমানেই কৃপণ সেই ডাচ্চ জাতি!
বাছভাৰা বঢ়োৱাৰ পিছত ডাচ্চসকলে চাইকেল চলোৱাৰ অভ্যাস কৰিছিল৷ তেওঁলোকে অকাৰণতে এপইচাও খৰচ নকৰে৷ বিশ্বৰ ইতিহাস অনুসৰি ডাচ্চসকলেই হৈছে সবাতোকৈ কৃপণ জাতি৷ সেই স্বভাৱৰ বাবে নেডাৰলেণ্ডৰ অৰ্থনীতি উন্নত হৈছে৷
গতিকে নেডাৰলেণ্ডত হিমন্ত বিশ্ব শৰ্মাই সম্ভৱতঃ শিকিলে কৃপণালী৷ ডাচ্চসকলৰ পৰা তেওঁ কৃপণালী শিকিলেই অসমতো আৰোপ কৰিব কৌশল৷ এতেকে আৰু নল’ব ঋণ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial