আকৌ অসমৰ ইছলাম সমাজক প্ৰত্যাহ্বান জনালে মুস্তাফা কামাল আজহাৰীয়ে৷ ধৰ্মীয় নিয়মৰ বিপৰীতে গৈ তেওঁ বিহু পালন কৰিলে৷ গৰু বিহুত তেওঁ গা ধুৱালে গো-ধনক৷
স্বাভাৱিকতেই অসমৰ মুছলমানেও বিহু উদযাপন কৰে৷ কিন্তু বিতৰ্কিত উলামা আজহাৰীয়ে ব্যতিক্ৰমীভাৱে পালন কৰিলে গৰু বিহু৷ তেওঁ ক’লে-
গৰু বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমীয়াসকলেহে এই উৎসৱ পালন কৰে । এই বিহু বাংলাদেশী উৎসৱ নহয়, সেয়েহে বাংলাদেশীবোৰেহে পালন নকৰে আৰু কোনোবাই পালন কৰিলে ঠাট্টা কৰে আৰু হাঁহিৰ পাত্ৰ বনাই। গৰু বিহুৱেই প্ৰমাণ কৰে কোন বিদেশী হয়।
জয় আই অসম
কিন্তু ইছলামিক সাজ পৰিধান কৰি গৰু বিহু পালন কৰাৰ বাবে এচাম লোকৰ ৰোষৰ বলি হৈছে আজহাৰী৷ তেওঁক অভিহিত কৰিছে ভণ্ড তপস্বী বুলি৷
অৱশ্যে তথাপি কাকো গুৰুত্বই দিয়া নাই মুস্তাফা কামাল আজহাৰীয়ে৷ তেওঁ বাঁহনিত পিঠা খাই পালন কৰিছে বিহু৷ মানুহ বিহুৰ দিনটোত সংগীৰ সৈতে আজহাৰীয়ে পিঠা খাই বিহু পাতিছে৷
ধৰ্মীয় নিয়ম নামানে নেকি উলামাই?
