ফাগুনৰ ধুমুহাই উৰুৱাই নিলে দেহ বৃক্ষৰ পাত, শুকুলা ধূলিৰ গৰ্ভত পোত গ’ল ফুলৰ হুমুনিয়াহ৷
বতাহজাকক আমি মিছাতে দোষ দিওঁ, কিন্তু বতাহ নিৰ্দোষী৷ বতাহ কেৱল সময়ৰ আজ্ঞাবাহী৷ জীৱনো এনেকুৱাই৷
ফাগুন গ’ল, আহো-নাহোকৈ আহি শেষেই হ’লহি চ’ত৷ এতিয়া বসন্ত বন্দনাৰ সময়৷
অৱশ্যে প্ৰাচীন শিলালিপিত নাই বসন্ত-বন্দনা৷ হ’লেও ভাবকচোন- যিমান যুদ্ধ পাৰ হৈ গৈছে তাৰ ভিতৰত যৌৱনৰ যুদ্ধই যুগমীয়া৷ প্ৰেমৰ ইতিহাসত প্ৰেমিক-প্ৰেমিকাই হয়তো সবাতোকৈ পৰাজিত যোদ্ধা৷
আৰু এই যৌৱনৰে অন্য নাম বসন্ত৷
দুৱাৰডলিত থিয় হৈ যেতিয়া তুমি বসন্তৰ ঠিকনা বিচাৰা, তেতিয়া শেষ নিশালৈ মুখৰ হৈ থাকে সময়৷
তুমিয়েইতো কৈছিলা– বসন্ত আহিছে৷ পৃথিৱীয়ে নাচিছে৷ মই কৈছিলোঁ- তুমিয়েই জীৱন মৰুত সেই বসন্ত৷
তুমি জীৱন সেউজীয়া৷
তুমি হাঁহিছিলা
মই ভাবিছিলোঁ- বসন্ত সঁচাকৈয়ে ইমান ধুনীয়া! বসন্ত ঠিক সেউজীয়াও নহয়৷ বসন্ত তোমাৰ নিচিনাই৷ আলফুলিয়া, তেনেই স্বপ্নময়৷
বসন্ত তোমাৰ নিচিনাই ধুনীয়া
