চাবোনৰ গুড়ি, ইউৰিয়া আৰু ক’ষ্টিক ছ’ডা মিহলাই গাখীৰ উৎপাদন
বিহুতো নাখাব দৈ
চহৰৰ দৈ খালেই গৰ্ভৱতীৰ পাৰে গৰ্ভপাত
চিনাকি গোৱালৰ বাদে আনৰ পৰা গাখীৰ নিকিনিব৷ বজাৰত ধুনীয়াকৈ সজাই থোৱা দৈৰ টেকেলিবোৰ কিনি বিপদ মাতি নল’ব৷
বৰ্তমান অসমৰ বজাৰত ওলাইছে কৃত্ৰিম গাখীৰ৷ মানৱ দেহৰ বাবে সাংঘাতিক ক্ষতিকাৰক ফৰ্মেলিনো গাখীৰত মিহলোৱা হৈছে৷ আনকি ইউৰিয়া দি প্ৰস্তুত কৰিছে দৈ৷ মধ্য অসমৰ এখন জিলাত ধৰা পৰিছে ইউৰিয়াৰে বনোৱা থমা দৈ৷ সেইবোৰ ম’হৰ দৈ বুলি বেপাৰীয়ে বিক্ৰী কৰিছে৷
বিহুৰ সময়ত গাখীৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ এইধৰণৰ পন্থা অৱলম্বন কৰিছে বেপাৰীয়ে৷ গোপনীয়তাৰ খাতিৰত চৰকাৰী বিষয়াই জনোৱা মতে তিনিদিনলৈ গাখীৰ নফটাকৈ ৰাখিবলৈ ফৰ্মেলিন ব্যৱহাৰ কৰা হৈছে৷ চালানি মাছত ওলোৱা ফৰ্মেলিন গাখীৰতো ধৰা পৰিছে৷
লগতে পুৰণি গাখীৰ বিক্ৰী কৰিবলৈ ব্যৱহাৰ কৰিছে বৰিক পাউদাৰ, ক’ষ্টিক ছ’ডা আৰু হাইড্ৰ’জেন পেৰ’ক্সাইডৰ দৰে ভয়ংকৰ ৰাসায়নিক পদাৰ্থ৷ গাখীৰত পেন উঠাবলৈ চাবোনৰ গুৰিপৰ্যন্ত প্ৰয়োগ কৰিছে বেপাৰীয়ে৷
ইউৰিয়াৰে তৈয়াৰ কৰা ছিন্থেটিক গাখীৰ স্বাস্থ্যৰ বাবে হানিকাৰক৷ এইবোৰ খালে শিশুসকল এমিন’ এচিডজনিত ৰোগত আক্ৰান্ত হয়৷ কৃত্ৰিম গাখীৰৰ দৈ খোৱাৰ ফলত বিহুৰ বতৰত গৰ্ভৱতীৰ গৰ্ভপাত হ’ব পাৰে বুলি প্ৰকাশ কৰিছে চিকিৎসকে৷
পথাৰত ব্যৱহাৰ কৰা ইউৰিয়াৰে তৈয়াৰ কৰা গাখীৰ খালে ভিটামিনৰ সলনি দেহত সোমাব বিহ৷ গতিকে লোভতে নাখাব দৈ৷
ছিন্থেটিক গাখীৰ খোৱাৰ ফলত গৰ্ভৱতীৰ হ’ল গৰ্ভপাত
