এতোলা সোণৰ দাম মাত্ৰ ৫৬ হেজাৰ টকা
৩৭ হাজাৰ টকাপৰ্যন্ত কমিব সোণৰ দাম
শীঘ্ৰে বজাৰত উভৈনদী হ’ব অষ্ট্ৰেলিয়াৰ সোণ
বৰ্তমান ইতিহাসৰ ভিতৰতে সৰ্বাধিক হাৰত বাঢ়িছে সোণৰ দাম৷ ভাৰতত ১০ গ্ৰাম সোণৰ দাম ৯৩ হেজাৰ টকালৈ বাঢ়িছে৷ কিন্তু চিন্তা নকৰিব
শীঘ্ৰে কমিব স্বৰ্ণৰ দাম
খৰখেদাকৈ গহনা নিকিনিব
বিশেষজ্ঞৰ আগজাননী অনুসৰি এতোলা সোণৰ দাম শীঘ্ৰে ৩৭ হাজাৰ টকা হ্ৰাস পাব৷ অৰ্থাৎ ভাৰততো কমিবই স্বৰ্ণৰ দাম৷ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত এক আউন্স সোণৰ দাম হৈছে ২ লাখ ৬৬ হেজাৰ টকা৷ ১ আউন্সত আকৌ থাকে ২৮ গ্ৰাম স্বৰ্ণ৷
কিন্তু অষ্ট্ৰেলিয়াৰ কেবাটাও খনিত চলি আছে স্বৰ্ণ খনন৷ গতিকে দেশখনে পুৰণি ষ্টক বজাৰলৈ উলিয়াই দিছে৷
একেদৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱাবছৰ ১,০৪৫ টন সোণ ক্ৰয় কৰিছিল৷ কিন্তু এইবাৰ সমান পৰিমাণৰ স্বৰ্ণ নিকিনে৷ ৭১ শতাংশ বেংকে এইবাৰ সোণ ক্ৰয় হ্ৰাস কৰিব৷ গতিকে বজাৰত চাহিদা কমিব সোণৰ৷
প্ৰধানতঃ এই দুটা কাৰণতে সোণৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত হ্ৰাস পাব৷ যদি ৰিজাৰ্ভ বেংকে অনুমান অনুসৰি সোণ ক্ৰয় নকৰে তেন্তে বজাৰত উপলব্ধ হ’ব অধিক পৰিমাণৰ স্বৰ্ণ৷ ফলত স্বয়ংক্ৰিয়ভাৱে দেশত স্বৰ্ণৰ দাম কমি যাব৷
এই দুটা কাৰকতে দেশত প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৫৬ হেজাৰ টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ সেয়ে এতিয়া খৰখেদাকৈ নিকিনিব সোণ৷ কেইদিনমান অপেক্ষা কৰক৷ দাম কমিলে কিনিব অলংকাৰ৷
এতিয়াই দাম ভৰি সোণ নিকিনিবঃ কমিব দাম
