৬০০ টকা হাজিৰাত এদল মহিলাই পুৰিছে পিঠা

আমাক পিঠাৰ ফেক্টৰীৰ ভিতৰত সোমাবলৈ নিদিলে
কেমেৰা ভাঙি পেলাবলৈ ধৰিলে পিঠা ব্যৱসায়ীয়ে
গুৱাহাটীৰ হাতীগাঁৱত গোপনে চলি আছে এটা বিশেষ পিঠা উদ্যোগ৷ সেই উদ্যোগৰ পৰাই গুৱাহাটীৰ উপৰি নগাঁও, মৰিগাঁও আদিলৈয়ো পিঠা পঠিওৱা হৈছে৷ তাত কিন্তু পিঠা পুৰিছে শতাধিক মিঞা মহিলাই৷ ধুবুৰীৰ পৰা অনা চৰকাৰী চাউলৰ পিঠাগুৰিৰে সেই ফেক্টৰীত তৈয়াৰ কৰি থকা হৈছে হৰেক ৰকমৰ পিঠা৷
আমি সেই ফেক্টৰীৰ খবৰ কিছুদিন পূৰ্বেই লাভ কৰিছিলোঁ৷ সেইবাবে চৰজমিন নিৰীক্ষণৰ বাবে চেষ্টা কৰিছিলোঁ৷
জনৈক হুছেইনে সদৰী কৰা অনুসৰি তেওঁলোকে বৰপেটা আৰু নলবাৰীৰ মিঞা মহিলাক পিঠা পোৰাৰ কামত নিয়োগ কৰিছে৷ মহিলাসকলক দিন হাজিৰা হিচাপে দৈনিক দিছে ৬০০ টকা৷ ঘিলাপিঠা আৰু খোলাপিঠা পুৰিবলৈ তেওঁলোকে চৰকাৰী চাউলৰ গুড়ি ব্যৱহাৰ কৰিছে৷
ধুবুৰীৰ গ্ৰামাঞ্চলত অন্ন সুৰক্ষাৰ হিতাধিকাৰীৰ পৰা কুইণ্টল হিচাপত তেওঁলোকে চাউল ক্ৰয় কৰিছে৷ সেইবোৰে মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি পিঠাগুড়ি তৈয়াৰ কৰা হৈছে৷
বৰপিঠা পুৰিবলৈ নলবাৰীৰ পৰা কিনিছে চাউল৷ সেই ফেক্টৰীতে এদল মিঞা মহিলাই পিঠাৰ পেকেজিং কৰিছে৷ এটা পেকেটৰ দাম হৈছে কমেও ৫০ টকা৷ ১০টা বৰপিঠাৰ দাম হৈছে ডেৰশ টকা৷
মিঞা মহিলাই গকুল তেলত পুৰিছে পিঠা৷ সেইবোৰেই গুৱাহাটীৰ বিভিন্ন দোকানত উপলব্ধ হৈছে৷ নগাঁৱলৈয়ো পঠিয়াই হাতীগাঁৱৰ ফেক্টৰীৰ পিঠা৷ সেইবোৰৰ গুণাগুণ কিন্তু কোনেও পৰীক্ষা কৰা নাই৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial