আপোনালোকৰ ঘৰত গৰু আছেনে?
গৰুক খুৱাবলৈ ঘাঁহ আছেনে?
গৰু বিহু পতা অসমীয়াৰ ঘৰত বৰ্তমান গৰু নাই৷ পূৰ্বে এগোহালি গৰু পোহা মানুহৰ ঘৰত গাই এজনীও নাই৷ অসমৰ ৬৪ শতাংশ লোকেই বৰ্তমান গৰু নোপোহে৷ কিন্তু গাই এজনী পুহিবলৈ তেওঁলোকৰ ইচ্ছা নথকা নহয়৷ কিন্তু পুহিবলৈ উপায়ো নাই৷
গৰু বিহু পতা অসমীয়াই ফ’ৰলেন হোৱাৰ পিছত গৰু পুহিবলৈ একেবাৰেই বাদ দিলে৷ কাৰণ বৰ্তমান ৰাস্তাৰে নিব নোৱাৰা হ’ল গৰু৷ আগতে পথ পাৰ কৰাই পথাৰত চৰিবলৈ গৰু এৰি দিছিল৷ কিন্তু ফ’ৰলেনত গাড়ীৰ ভিৰ আৰু স্পীড ইমান বাঢ়িল যে গৰু পাৰ কৰোৱাটো অসম্ভৱ হৈ পৰিল৷
পথাৰৰ সংখ্যাও ক্ৰমে টুটি আহিল৷ খৰালি কিছুদিন ঘৰৰ কাষৰ পথাৰত গৰু ৰাখিব পাৰিলেও বাৰিষা ঘাঁহৰো অভাৱ হ’লষ গ্ৰামাঞ্চলত এমুঠি ঘাঁহেই ৫০ টকাত বিক্ৰী কৰে বেপাৰীয়ে৷ পানীত সোমাই কটা ঘাঁহ সদায় কিনিলেও গৰুৰ পেট নভৰে৷
বৰ্তমান মেচিনেৰে ধান মৰাৰ ফলত খেৰৰো অভাৱ হৈছে৷ মেচিনেৰে মৰণা মৰাৰ পিছত ওলোৱা খেৰত ডিজেলৰ গোন্ধ থাকে৷ সেয়ে সেইবোৰ খেৰ গৰুৱে নাখায়৷ এই সমস্যাৰ বাবেও এচাম লোকে গৰু পুহিবলৈ বাদ দিলে৷
সংস্থাপনৰ বাবে গাঁৱৰ অধিকাংশ ল’ৰা বৰ্তমান চহৰত থাকে৷ বাংগালুৰু-হায়দৰাবাদত থকা যুৱকৰ বৃদ্ধ পিতৃয়ে গৰু আজুৰি ফুৰাটোও সম্ভৱ নহয়৷ সেইবাবেও গ্ৰামাঞ্চলত কমিল গৰু পোহা মানুহ৷
বহুতে আকৌ চোৰৰ ভয়ত গাই এজনী পুহিবলৈ বাদ দিলে৷ কষ্টৰে প্ৰতিপালন কৰাৰ পিছতো চোৰে ৰাতি গোহালিৰ পৰা নিয়াৰ ভয়ত গৰুৱেই বেচি দিলে৷
এয়াই হৈছে গৰু বিহুৰ বাস্তৱ ছবিখন৷ অসমীয়াই ৰসতে নাম থ’বলৈহে বৰ্তমান গৰু বিহু পাতে৷ ঘৰত গৰু নোপোহে৷ তেওঁলোকে কুকুৰহে পোহে৷ মাংস খুৱালেই জঞ্জাল নাথাকে বাবে ঘৰত পোহে লেব্ৰাডৰ৷
গৰু বিহু পতা অসমীয়াৰ ঘৰত আজিকালি নাই গোহালি
