কথা ক’লেই অসমীয়াক পিটনৰ ভাবুকি

আপুনি অসমীয়া নেকি?
যদি অসমীয়া তেন্তে এটা শব্দও নক’ব
অসমীয়া মানুহে কথা নক’ব
এইদৰেই গৰজি উঠিল অৰুণাচলী৷ অসমীয়া মানুহক সহ্য নকৰে বুলিও স্পষ্ট কৰি দিলে অৰুণাচলীয়ে৷ অসমীয়াৰ প্ৰতি মনত যে কিমান ঘৃণা আছে সেয়াই জনাই দিলে অৰুণাচলৰ লোকে৷ তেওঁলোকে অসমীয়া বুলি ভাবি কথা কোৱাতো বাধা দিলে এজন লোকক৷
নামচাইত কিছুদিন পূৰ্বে সংঘটিত হৈছিল এটা অঘটন৷ তেনেতে এজন আৰক্ষীয়ে ঘটনাৰ বুজ ল’লে৷ তেওঁ হিন্দীতে পৰিস্থিতিৰ বুজ ল’লে৷ তদন্তকাৰী বিষয়াক ঘটনাৰ বিষয়ে বুজাই দিব বুলি তেওঁ ক’বলৈহে পালে৷
তেতিয়াই গৰজি উঠিল অৰুণাচলী
তেওঁলোকে ক’লে- আপুনি অসমীয়া নেকি?
যদি অসমীয়া তেন্তে ইয়াত কথা নক’ব৷ অৰ্থাৎ অসমীয়া মানুহৰ অৰুণাচলত কথা কোৱাৰ অধিকাৰ নাই বুলি স্পষ্ট কৰি দিলে অৰুণাচলৰ লোকে৷ সীমা বিবাদক উত্তাল পৰিস্থিতিৰ সময়ত অসমীয়াৰ প্ৰতি ঘৃণা ব্যক্ত কৰিলে জনজাতীয় লোকে৷
তেতিয়া আৰক্ষী জোৱানজনে নামচাইৰ খামটি বুলি কৈহে কোনোমতে অৰুণাচলীৰ আক্ৰোশৰ পৰা ৰক্ষা পালে৷ অন্যথা তেওঁ আক্ৰমণৰ বলি হোৱাটো আছিল নিশ্চিত৷
অসমৰ মাজেৰেই সমগ্ৰ পৃথিৱীলৈ গৈ থকা অৰুণাচলীৰ মনত অসমীয়াৰ প্ৰতি থকা ঘৃণাও ঘটনাটোৱে উদঙাই দিলে৷ গতিকে অৰুণাচললৈ নোযোৱাই ভাল অসমৰ পৰ্যটক৷ অন্যথা কিন্তু স্থানীয় লোকে কৰিব আক্ৰমণ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial