এখন বজাৰত ১১ লাখ টকাৰ গাজ বিক্ৰী

বিহুৰ বজাৰত সৰ্বাধিক বিক্ৰী হৈছে কি?
আপুনি ভবাৰ দৰে লাও-কোমোৰা অথবা মাংস নহয়
সৰ্বাধিক চাহিদা বাঢ়িছে বেতগাজৰ
চাৰিডাল কুমলীয়া বেতৰ দাম হৈছে ১২০ টকা৷ আনকালে চাহিদা নথাক বেতগাজ বজাৰত উভৈনদী হৈ পৰিছে৷ তথাপি কমা নাই গ্ৰাহক৷ কেৱল ডিমৌৰ ৰাজমাই বজাৰতে ১১ লক্ষাধিক টকাৰ বেতগাজ বিক্ৰী হৈছে৷ ডিব্ৰুগড়ৰ বৰবৰুৱা বজাৰতো বেতগাজেই হৈ পৰিছে মুখ্য আকৰ্ষণ৷
উজনিত অৱশ্যে ব’হাগত বেতগাজ খোৱাটো পুৰণি নিয়ম৷ তথাপি এইবাৰ আগতকৈ বাঢ়িছে বেতগাজৰ বিক্ৰী৷ সকলোৱে হোৰাহোৰে বেতগাজ কিনি ঘৰলৈ নিছে৷ চাৰিডাল কুমলীয়া বেত এমুঠি কৰি বেচিছে বিক্ৰেতাই৷
দাম বাঢ়িলেও অসমীয়া বিক্ৰেতায়েই পাইছে বেতগাজৰ ধন৷ তেওঁলোকে বেতৰ খেতি কৰি বিহুৰ সময়তে খৰচ আদায় কৰাত সক্ষম হৈছে৷ মৰাণৰ পৰা শিৱসাগৰলৈ বেতগাজৰে পৰিপূৰ্ণ হৈ পৰিছে বিহুৰ বজাৰ৷
অৱশ্যে গাহৰি মাংসৰো চাহিদা কমা নাই৷ আজি বৰবৰুৱা বজাৰত ১ কেজি গাহৰিৰ দাম হৈছেগৈ ৪৪০ টকা৷ মাছৰ দামো দুগুণ বাঢ়িছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial