সিদ্ধাৰ্থৰ কথা নাপাতিলে, মুছলমানৰ মাটি কঢ়াতে ব্যস্ত চৰকাৰ

চৰকাৰ মুছলমানৰ পৰা মাটি কাঢ়ি লোৱাত ব্যস্ত হৈ আছে৷ সেইসময়তে কিন্তু আওপুরণি ফাইটাৰ জেট চলাই আকাশতে ভস্ম হৈছে ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱ৷ চৰকাৰে ৱাকফ বিল সংশোধন কৰাৰ চেষ্টা কৰি থকাৰ সময়ত ম্যাদ উকলি যোৱা জাগুৱাৰ চলাই বায়ুসেনাৰ পাইলটে প্ৰাণ হেৰুৱাইছে৷ তেওঁৰ মৃতদেহ সাবটি হুকহুকাই কান্দিছে প্ৰেয়সী ছোনিয়াই৷
তথাপি চৰকাৰৰ খবৰ নাই৷ কাৰণ ৱাকফ আইন সংশোধন কৰাতে সকলো ব্যস্ত হৈ আছে৷
শেহতীয়াকৈ জামনগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা জাগুৱাৰ যুদ্ধবিমানৰ পাইলট সিদ্ধাৰ্থৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ কিন্তু কিয় বায়ুসেনাৰ ফাইটাৰ জেট ইমান ঘনাই দুৰ্ঘটনাত পতিত হৈছে সেয়াও স্পষ্ট হৈ পৰিছে৷
মূল কথাটো হৈছে এতিয়াও ব্যৱহাৰ কৰি থকা জাগুৱাৰ ১৯৭৯ চনতে বায়ুসেনাত কমিশ্যন কৰা হৈছিল৷ সেই আওপুৰণি প্ৰযুক্তিৰে নিৰ্মিত ফাইটাৰ জেটখনেই বায়ুসেনাই এতিয়াও ব্যৱহাৰ কৰি আছে৷ ৫৬ বছৰ পূৰ্বে যিখন জাগুৱাৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল, সেইখনেই বৰ্তমানলৈ চলাই আছে পাইলটে৷
ছফটৱেৰ আপগ্ৰেড কৰি ৫৬ বছৰ পুৰণি ফাইটাৰ জেটবোৰ নতুন কৰি থকা হৈছে৷ কিন্তু ইঞ্জিনৰ ম্যাদ ইতিমধ্যে উকলি গৈছে৷ গতিকে আকাশত উৰি থকা সময়তে কাম নকৰা হৈছে ইঞ্জিনে৷ সেয়ে শেহতীয়া দুৰ্ঘটনা সংঘটিত হ’ল, য’ত প্ৰাণ হেৰুৱালে ফ্লাইট লেফটেনেণ্ট সিদ্ধাৰ্থ যাদৱে৷
পূৰ্বে মিগ-২১ক কোৱা হৈছিল বায়ুসেনাৰ উৰন্ত কফিন বুলি৷ এতিয়া জাগুৱাৰো একেই কফিনলৈ পৰ্যৱসিত হৈছে৷ জাগুৱাৰ চলোৱা পাইলটৰ পত্নী সঘনাই হৈছে বিধৱা৷
তথাপি সেইবোৰ কথা সদনত আলোচনা হোৱা নাই৷ নতুনকৈ ৱাকফ বিল লিখি মুছলমানৰ পৰা মাটি কাঢ়ি লোৱাৰহে চলি আছে কুচকাৱাজ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial