দুখীয়াক আঢ়ৈলাখ টকা দি প্ৰতাৰণা ৰঙিয়াৰ MLAৰ

ভৱেশ কলিতাই ক’লেই নহ’ব
এজন মানুহৰ প্ৰাণৰ দাম আঢ়ৈলাখ টকা নহয়
ৰঙিয়াৰ হাজিৰা কৰা শ্ৰমিক ধৰ্মেন্দ্ৰ নাথক মাৰি পেলোৱা বিজেপি কৰ্মী এতিয়া মুক্ত বিহংগ৷ তেওঁলোকক শাস্তি দিবলৈ পুলিচেও তৎপৰতা দেখুওৱা নাই৷ এতিয়া আকৌ যুৱকজনৰ মাকক আঢ়ৈলাখ টকাৰ চেক এখন দিছেগৈ ভৱেশ কলিতাই৷
ফে’চবুকত পৰিয়ালটোটোক সহায় কৰা বুলি ফিতাহি মাৰিছে ভৱেশ কলিতাই৷ কিন্তু কথাটো হৈছে- ধৰ্মেন্দ্ৰ নাথৰ জীৱনৰ দাম মাত্ৰ আঢ়ৈলাখ টকাহে নেকি?
খৈৰাবাৰী মালধাপাৰা আশ্ৰমৰ সমীপত যিকেইটা গুণ্ডাই দীনদৰিদ্ৰ ধৰ্মেন্দ্ৰক হাত-ভৰি বান্ধি নদীত পেলাই দিছিল, সেইসকল আছিল বিজেপিৰ সদস্য৷ যাৰ বাবে আৰক্ষীয়েও গোচৰ ৰুজু কৰা নাছিল৷
পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত বিজেপিয়ে হত্যাকাৰী সদস্যৰ পৰা ফালৰি কাটিছিল৷ সেই ঘটনাৰ চাৰিমাহৰ পিছত স্থানীয় বিধায়ক ভৱেশ কলিতাই দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ লোৱাৰ সময় পালে৷
কিন্তু ভৱেশ কলিতাই আঢ়ৈলাখ টকাৰ চেকেৰে ধৰ্মেন্দ্ৰৰ প্ৰাণৰ দাম দিয়াৰ সময়ত মুকলি হৈ আছে হত্যাকাৰী৷ গুণ্ডাৰ দলটোৱে ৰঙিয়াত নিৰ্ভয়ে বিচৰণ কৰি আছে৷ জামিন মুক্ত হৈ আকৌ আগৰ দৰেই কৰি আছে উপদ্ৰৱ৷ অপৰাধীক এৰি সাহায্য বিলাই ফুৰিছে ভৱেশ কলিতাই৷
সেইসকলক কঠোৰ শাস্তি বিহিবলৈ কিন্তু আৰক্ষীক ভৱেশ কলিতাই নিৰ্দেশ দিয়া নাই৷ দৰিদ্ৰতাৰ সুযোগ লৈ আঢ়ৈলাখ টকাতে কিনিবলৈ বিচাৰিছে ধৰ্মেন্দ্ৰৰ জীৱন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial