ৰসাতলে যোৱা কংগ্ৰেছৰ মহিলাৰ সলনি পুৰুষ

হেল্ল’ ভূপেন বৰা
সময় হয় যদি এইফালে অকণমান চাব
আপোনাৰ কংগ্ৰেছ উজনিত ৰসাতলে গ’ল
মহিলাৰ বাবে সংৰক্ষিত আসনত কংগ্ৰেছে দিলে পুৰুষ প্ৰাৰ্থী
পঞ্চায়ত নিৰ্বাচনৰ বাবে মন্ত্ৰী বিমল বড়াৰ টিংখাঙত যুটী বান্ধিছিল কংগ্ৰেছ আৰু জাতীয় পৰিষদে৷ তেওঁলোকে দিল্লীবাৰী চপাতলি আঞ্চলিক পঞ্চায়ততো প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে৷
কিন্তু আশ্বৰ্যকৰভাৱে উক্ত সমষ্টিত মিত্ৰজোঁটে দিলে টিকট এজন পুৰুষক৷ য’ত নেকি সমষ্টিতো মহিলাৰ বাবে সংৰক্ষিত আছিল৷ সেই ভুলৰ ক্ষমা নকৰিলে জিলা প্ৰশাসনে৷ পুৰুষ প্ৰাৰ্থী প্ৰক্ষেপৰ ফলত ততালিকে অগপৰ প্ৰাৰ্থী পূৰ্ণিমা ছোৰেনক বিজয়ী ঘোষণা কৰা হ’ল৷
দিল্লীবাৰী চপাতলিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হ’ল অগপৰ পূৰ্ণিমা৷ এই ঘটনাটো ৰাজনৈতিক প্ৰেক্ষাপটত অত্যন্ত আশ্বৰ্যকৰ৷ কিয়নো টিংখাঙত কংগ্ৰেছৰো ভোট আছে৷ তথাপি নেতৃত্বই বেপৰোৱাভাৱে কৰিছে দলীয় কাম৷
অৱশ্যে এই বিষয়টোত লুৰীণজ্যোতি গগৈৰো ভুল আছে৷ তেওঁৰ দলৰ সৈতে মিত্ৰতা কৰিয়েই কংগ্ৰেছ নিৰ্বাচনত অৱৰ্তীণ হৈছিল৷ গতিকে প্ৰাৰ্থী বাছনিত দায়িত্ব পালন কৰিব লাগিছিল জাতীয় পৰিষদে৷
কিন্তু অবাঞ্জিত ভুল কৰি বিৰোধী মৰ্চাই অগপক এখন আসন উপহাৰ দিলে৷ আৰম্ভণিতে জিকিল অগপ৷ কিন্তু কংগ্ৰেছ নেতৃত্বই ইচ্ছাকৃতভাৱেও এই গণ্ডগোল কৰা বুলি চৰ্চিত হৈছে৷ বহুতে মতে আসনখন বিক্ৰী কৰিছে কংগ্ৰেছে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial